অনুনাথনা : তোহ্মাৰেসে অবিদ্যায়ে আহ্মাক মুহিলে হৰি (ছবি ছন্দ)

তোমাৰেসে অবিদ্যায়ে আমাক মুহিলে হৰি
নজানোহো তোমাৰ তত্ত্বক |
তোমাৰ চৰণে হৰি শৰণ পশিয়া সাৰ
কৰিলোহো তোমাৰ নামক ||৮৩
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য-স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত |
আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত ||৮৪
তযু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ
আৱৰ সমস্ত গুণময় |
এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ
কৰিলোহো সাৰ কৃপাময় ||৮৫


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত