সাৰ-নিৰ্ণয় : ভগৱন্ত ঈশ্বৰ গুণ-সমূহক যিটো (ছবি ছন্দ)

ভগৱন্ত ঈশ্বৰৰ গুণসমূহক যিটো
শুনিতে উদ্যত কৰে নৰ |
তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি
ভৈল আতি শুদ্ধ নিৰ্ম্মত্সবৰ ||১২৩
ঈশ্বৰ কৃষ্ণেসে নিষ্ট পৰম আৰাধ্য দেৱ
মোৰ তান নামে নিজ গতি |
হেনয় নিশ্চয় যিটো কৰিলেক নিতে আতি
সিসিজন পৰম সুকৃতি ||১২৪
সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো
অজ্ঞানতো চাণ্ডালে লৱয় |
হেনয় পৱিত্ৰ সিটো জানিবা যজ্ঞত আনি
পাত্ৰ পাতিবাৰ যোগ্য হয় ||১২৫
ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল-ৰূপ
যাৰ মুখে প্ৰকাশ কৰয় |
চিৰকালে মহাতীৰ্থ কৰিয়া পৱিত্ৰ হুয়া
তাকো কদাচিতো তুল্য নয় ||১২৬
জগত-আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান
তাক প্ৰতি যেৱে আছে মন |
ভগৱন্ত ঈশ্বৰৰ চৰণ-পঙ্কজে সদা
হুয়ো তেৱে একান্ত শৰণ ||১২৭
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি-নাম-কীৰ্ত্তনত
সমস্ত প্ৰাণীৰ অধিকাৰ |
এতেকে সে হৰি-নাম সমস্ত ধৰ্ম্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ ||১২৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত