কলি-ধৰ্ম্ম-নিৰ্ণয় : সত্যাদিৰ লোকে কলিত জনম (দুলড়ি ছন্দ)

সত্যাদিৰ লোকে কলিত জনম
বাঞ্ছা কৰে নিৰন্তৰ |
হৰি-গুণ গায়া নিশ্চয়ে কলিত
হৈব নাৰায়ণ-পৰ ||৩৮০
ঘোৰ কলি-যুগে পাইলে সৰ্ব্ব ধৰ্ম্ম
বৰ্জ্জিত ভৈল নিশ্চল |
নাৰায়ণ-পৰ ভৈলে কৃতকৃত্য
হোৱয় নাহি সংশয় ||৩৮১
হৰি-গুণ-নাম কীৰ্ত্তনে কলিৰ
কল্মষ কৰে বিনাশ |
অনায়াসে ঘোৰ সংসাৰ তৰিয়া
পাৱয় কৃষ্ণৰ পাশ ||৩৮২
সমস্তে শাস্ত্ৰৰ পৰম নিণাত
হৰি-গুণ-নাম মাত্ৰ |
কলিৰ পৰম মলিন মনুষ্যে
সিধৰ্ম্মৰো ভৈল পাত্ৰ ||৩৮৩
কলিৰ লোকক পৰম কৃপালু
কৃষ্ণে কৰিলন্ত দয়া |
মোৰ নাম-গুণ গায়া মহাসুখে
তৰোক দূৰ্ঘোৰ মায়া ||৩৮৪
কলিৰ মনুষ্য ভৈল ধৰ্ম্ম-হীন
পাপ-সাগৰত মজি |
হেন পাপীসৱো কৃষ্ণ-গুণ গায়া
তৰয় কৃষ্ণক ভজি ||৩৮৫
কলিৰ লোকৰ যি ভাগ্য মিলিল
কহিয়া অন্ত নপায় |
নিৰন্তৰে লোক নাৰায়ণ-পৰ
হৈবে হৰি-গুণ গাই ||৩৮৬
মুকুত কোটিৰ মাজত দুৰ্ল্লভ
জানা নাৰায়ণ-পৰ |
কলি-যুগ হেন নাৰায়ণ-পৰ
হৈৱে লোক নিৰন্তৰ ||৩৮৭
কলিৰ হৰিৰ কীৰ্ত্তনত সুখে
সৰ্ব্ব পুৰুষাৰ্থ পাই |
হৰিৰ কীৰ্ত্তন বিনায়ে কলিত
আন মহালাভ নাই ||৩৮৮
কলিৰ মলত মজিলো গোবিন্দ
গতি মোৰ নাহি আন |
তোহ্মাৰ নামক কৰিলো আশ্ৰয়
জানিয়া ধৰ্ম্ম প্ৰধান ||৩৮৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত