কৃষ্ণৰ পুৰুষ-লক্ষণ : ইশ্বৰ কৃষ্ণৰ শুনিয়োক মহা (দুলড়ি ছন্দ)

ইশ্বৰ কৃষ্ণৰ শুনিয়োক মহা
পুৰুষ-লক্ষণ সাৰ |
ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ
উন্নত ছয় প্ৰকাৰ ||৩৯৩
গগন গম্ভীৰ বচন গম্ভীৰ
গম্ভীৰ নাভি-কমল |
এহি ত্ৰিগম্ভীৰ- স্মৰণে কৃষ্ণৰ
মিলয় মহামঙ্গল ||৩৯৪
অৰুণ নয়ন অধৰ দশন
অৰুণ কৰ চৰণ |
নখ-ৰেখাচয় অৰুণ কৃষ্ণৰ
স্মৰণে দুখ-তৰণ ||৩৯৫
সুদীৰ্ঘ নয়ন গ্ৰীৱা বাহু পদ
আৱৰ অঙ্গুলিচয় |
এহি পঞ্চ-দীৰ্ঘ স্মৰণে কৃষ্ণৰ
মিলে মহামহোদয় ||৩৯৬
কন্ধ উন্নত ভ্ৰূৱ নাসা পদ
উন্নত নখ হৃদয় |
এহি ছয় থান উন্নত কৃষ্ণৰ
স্মৰণে মোক্ষ মিলয় ||৩৯৭


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত