যুগ-ধৰ্ম্ম-নিৰ্ণয় : মিনতি বচন বোলো সৰ্ব্বজনে (দুলড়ি ছন্দ)

মিনতি বচন বোলো সৰ্ব্বজনে
শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম |
আপুন কুশল চাৱা যেৱে তেৱে
নেৰিবাহা যুগ-ধৰ্ম্ম ||৩৯৮
সত্য-যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
দ্বাপৰ-যুগত পূজা |
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আৱৰ নাহিকে দুজা ||৩৯৯
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
অন্যত্ৰ ধৰ্ম্ম আচৰে |
মিছাত কেৱল শ্ৰম মাত্ৰ পাৱে
একোৱে ফল নধৰে ||৪০০
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
আনমতে চাহে গতি |
যেন কুল-বধূ নিজ স্বামী তেজি
ভজে গৈয়া উপপতি ||৪০১
সংসাৰ তৰিতে ইছা আছে যাৰ
কৰিয়ো হৰি কীৰ্ত্তন |
পৰম নিৰ্ম্মল গতি পাইবা সুখে
ছিণ্ডিয়া কৰ্ম্ম-বন্ধন ||৪০২
সকল নিগম কল্পতৰু তাৰ
ফল মহাভাগৱত |
সেহি ফলৰস হৰি-গুণ-যশ
পিয়োক সাধু-সঙ্গত ||৪০৩
পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰে
লোকক কৰিয়া দায়া |
হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশে
কৰিলা শাস্ত্ৰক চায়া ||৪০৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত