কলি-ধৰ্ম্ম : ৰাম-কৃষ্ণ-নাম ভকতৰ নৱ নিধি (পদ ছন্দ)

ৰাম-কৃষ্ণ-নাম ভকতৰ নৱ নিধি |
কলি-যুগে বেকত কৰিলে কোন বিধি ||৫৬৩
ধন্য ধন্য কলিৰ লোকৰ মহাভাগ |
সৰ্ব্ব ধৰ্ম্ম ঠেলি ৰাম-নাম ভৈলা আগ ||৫৬৪
কলিত কীৰ্ত্তন যিটো কৰে হৰি-নাম |
তাৰ আৰ আচৰিবে নথাকিল কাম ||৫৬৫
নাহিকে কলিত ধৰ্ম্ম কীৰ্ত্তনত সম |
যিটি গাৱে হৰি-গুণ সিসি নৰোত্তম ||৫৬৬
কলিত কীৰ্ত্তনে মিলিবেক মহাভাগ |
সংসাৰক তৰি মাধৱক পাইবা লাগ ||৫৬৭


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত