ঈশ্বৰ-নিৰ্ণয় : কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰী (লেছাৰি ছন্দ)

কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ |
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ||৫৮৬
নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন
অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা |
পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা ||৫৮৭
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায়-বাক্যে মনে থিৰ কৰি
পৰম আনন্দে চৰণ সেৱন্ত যাৰ |
সদা জন্ম-জৰা-মৃত্যু-হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি
বিষ্ণুত বিনাই কোন দেৱ আছে আৰ ||৫৮৮
যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাক্যে হুয়া আছে বেদ
পৰম পতিতো তৰয় যাহাৰ নামে |
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ
হেন ঈশ্বৰক নভজয় কোন কামে ||৫৮৯
অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত
পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে |
তেন্তে তুমি জান ব্ৰহ্ম-পাৰ পৰ-পাৰ-ভূত যত পাৰ
তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে ||৫৯০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত