নাম-মহিমা : হৰি-কীৰ্ত্তনৰ তাপ লাগি পলায় পাপ দশো দিশে ভাগি (লেছাৰি ছন্দ)

হৰি-কীৰ্ত্তনৰ তাপ লাগি পলায় পাপ দশো দিশে ভাগি
হেৰ পাইলে বুলি ভয়ত ভিৰি লৱড়ে |
ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই আউৰ ব্ৰহ্মাণ্ডক পলাই যাই
নামে খেদি নেন্তে ব্ৰহ্মাণ্ডোপৰি বাগৰে ||৬৫২
পাছে পাছে হৰি-নামে খেদে একো ব্ৰহ্মাণ্ডত স্থান নেদে
মহা মহা পাতকৰ গৰ্ব্ব ভৈল দূৰ |
এৱে কৈক যাইবো বুলি ডৰি কাম্পে পাপ সৱ তৰতৰি
হৰিনামে পাই দহি সৱে কৰিলেক চূৰ||৬৫৩
নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি-পূৰি
ধৰ্ম্মময় তনু ভৈ গৈল হৰি-ভকত |
হৰিৰ কৰুণা ভৈল তাক উচ্চ কৰি দিয়া হৰি-ডাক
পৰম সন্তোষে নাচে আতি আনন্দত ||৬৫৪
শুদ্ধে বা অশুদ্ধে একনাম শুনে বা ভণে বা মনে স্মৰে
অপৰাধ-হীন পুৰুষক সদ্যে তাৰে |
দেহ-ধন-জন-অৰ্থ-লোভে পাষণ্ড বুদ্ধিয়ে যিটো লৱে
সেহি হৰি-নামে তাৰিতে শীঘ্ৰে নপাৰে ||৬৫৫


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত