কাৰুণ্য : জয় জগজীৱ মোৰে প্ৰাণ (ঘোষা ছন্দ)

জয় জগজীৱ মোৰে প্ৰাণ
মোৰ প্ৰাণধন বান্ধৱ মুৰাৰি |
শ্ৰৱণ আনন্দে শুনিছো গোৱিন্দ
তুমি দীন-দুখ-হাৰী ||৭৬৪
মোৰ জীৱ-ধন গোপীনাথ
প্ৰাণ গোপীনাথ পশিলোঁ শৰণে |
মোৰ প্ৰাণ মন মজিয়া ৰহোক
তোমাৰ চৰণে ||৭৬৫
দুগুটি অক্ষৰ ৰাম-নাম
শ্ৰীৰাম নাম অমিয়া মাধুৰী ঝুৰে |
আতি সুকোমল পৰম মঙ্গল
সৱে মনোৰথ পূৰে ||৭৬৬
জয় জয় নিত্য নিৰঞ্জন
নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন |
পৰম অভয় তোমাৰ চৰণ
তাপ-তিনি-বিনাশন ||৭৬৭
দয়াশীল দেৱ দামোদৰ তুমি দীন-জন-বন্ধু
পতিত-পাৱন তুমি কৃপাময়
কেৱলে কৰুণা-সিন্ধু ||৭৬৮
হৰি হৰি হৰি হৰি এ হৰি হৰি হৰি হৰি
তুমি কৃপাময় দীন-দুখ-বিনাশন |
ভৃত্য-ভয়-হাৰী জানিয়া তোমাৰ
চৰণে লৈলো শৰণ ||৭৬৯
হে কৃষ্ণ দীন-দায়াশীল দীন-দায়াশীল
দায়া নছাড়িবা মোক |
অজ্ঞান তিমিৰ নাশিয়া বিজ্ঞান-
প্ৰদীপ প্ৰভু দিয়োক ||৭৭০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি |
অচিন্ত্য অনন্ত সুখৰ সাগৰ
কৃষ্ণৰ পদ-ভকতি ||৭৭১
হে প্ৰাণ-প্ৰভু কৃষ্ণদেৱ প্ৰাণ কৃষ্ণ দেৱ
দীনক কৰিয়ো দায়া |
পৰম তাপিতে মাগোহো তোমাৰ
শীতল চৰণ-ছায়া ||৭৭২
প্ৰাণ প্ৰিয়তম যদুদেৱ
দিয়ো মোক এহি দান |
কৰায়ো তোমাৰ চৰণ সেৱাৰ
সন্তোষে অমিয়া-পান ||৭৭৩
নমো ৰাম কৃষ্ণ সদাশিৱ
সদাশিৱ কৃষ্ণ তুমি জগতৰ গতি |
অপায়-ৰহিত মাগোহো ভকতি
চৰণে কৰি প্ৰণতি ||৭৭৪
জগত-গুৰু নাৰায়ণ জগত-গুৰু নাৰায়ণ
মোৰ প্ৰভু ৰাম-কৃষ্ণ ৰাম |
হৰি তো হৰি ৰাম কৃষ্ণ হৰি ৰাম ||৭৭৫
ৰাম কৃষ্ণ নিৰঞ্জন ৰাম কৃষ্ণ নিৰঞ্জন
দীনবন্ধু নাৰায়ণ এ
তুমিতো প্ৰভু অগতিৰ গতি ||৭৭৬
গোপীনাথ গোপীনাথ মোৰে কমলাকান্ত
মোৰ প্ৰভু ৰাম নাৰায়ণ |
অভয় চৰণ পাই পশিলোঁ শৰণ ||৭৭৭
অনাদি অনন্ত হৰি এ জীৱন বন্ধু
ৰাম কৃষ্ণ কৰুণা-সাগৰ |
অনাথৰ নাথ দায়াশীল দামোদৰ ||৭৭৮
পৰমপুৰুষ হৰি এ পৰমানন্দ
পৰম-কাৰণ নাৰায়ণ
ভকত-ৰঞ্জন তযু অৰুণ চৰণ |
অনন্ত অচ্যুত সদাশিৱ সনাতন ||৭৭৯
জয়তি জগত-গুৰু এ গুণৰ নিধি
নিত্য নিৰঞ্জণ নিৰাকাৰ |
তোমাৰ চৰণে সদা শৰণ আমাৰ ||৭৮০
দৈৱকীনন্দন প্ৰভু এ পৰমগুৰু
দয়াশীল দেৱ নিৰঞ্জন |
তযু পদ-কমলে মজোক মেৰি মন ||৭৮১
জগত-জীৱন যদু এ যাদৱানন্দ
জগত-কাৰণ যদুপতি |
তুমিসে কেৱলে নিজ ভকতৰ গতি ||৭৮২
ভকত-বত্স ল প্ৰভু এ ভকত-বন্ধু
ভকত-ৰঞ্জন ভয়হাৰী ||৭৮৩
ভকতৰ নিজ গতি তুমিসে মুৰাৰি |
পতিত জনৰ গতি এ জগতপতি
পতিত-পাৱন ভগৱন্ত |
পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত ||৭৮৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত