কাকূতি : কিমতে ভকতি কৰিবো তোমাত হৰি এ (ঘোষা ছন্দ)

কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম-ৰাম |
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম ||৭৯০
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাঞো ৰাম ৰাম |
অভয় চৰণে শৰণ পশিলোঁ হৰি এ
তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম ||৭৯১
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোৰ পৰে জ্ঞান-শূন্য হীন-মতি নাই ৰাম ৰাম |
তুমি প্ৰভু কৃপা ৰসৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম ||৭৯২
হৰি এ কৰুণাসিন্ধু জীৱন-বন্ধু
গতি মতি তুমি নাৰায়ণ |
তুৱা গুণ-নাম ভকতৰ মহাধন ||৭৯৩
পতিত বুলিয়া মোকে হৰি হৰি ও ৰাম
তেজিতে নপাৰা নাৰায়ণ |
পৰম কৰুণা গুণে হৰি হৰি ও ৰাম
নাম ধৰিছা পতিত-পাৱন ||৭৯৪
দায়াৰ ঠাকুৰ হুয়া দায়া কেনে নকৰয় |
ৰাম কৃষ্ণ নাৰায়ণ দীন দায়াময় ||৭৯৫
মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ মাথে ধৰো তৃণ |
তুমি কৃপাময়ক নজানো এত দিন
মোকে কৃপা কৰা হৰি এ ||৭৯৬
মোকে কৃপা কৰা এ ঐ বন্ধু ৰাম প্ৰাণ-বন্ধু ৰাম
নেৰোক মুখে ৰাম-কৃষ্ণ-নাম ||৭৯৭
পতিত-পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া |
তযু বেদ-বাণী আমি আছোঁ শুনি এ
মহা মহাপাপী তৰে তযু নাম লৈয়া ||৭৯৮
তুৱা গুণ-নাম অমৃত-আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি |
চৰণত ধৰো কাতৰ কৰো এ
মঞি অনাথক নছাড়িবা যদুপতি ||৭৯৯
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ |
নিজ ভৃত্য কৰি লৈলে গোপীনাথ এ
তযু কৃপাময় মিলয় কোন প্ৰমাদ ||৮০০
হে দয়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকূতি-বাণী |
মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল তোমাৰ কি হয় হানি ||৮০১
পৰম কৃপালু হুয়া যদুপতি এ
কোন অপৰাধে মোক ভৃত্য পৰিহৰা |
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা ||৮০২
জ্ঞান-শূন্য আতি পশু-পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময় |
আকে জানি হৰি শৰণে পশিলোঁ এ
আমাক তোমাৰ তেজিতে উচিত নয় ||৮০৩
তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী |
মই অনাথক নবঞ্চিবা হৰি এ
তযু সেৱা-ৰস আশা কৰি আছোঁ আমি ||৮০৪
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দৈৱকীত হন্তে সাক্ষাতে ভৈল বিদিত |
জীৱৰ তাৰণ-হেতু নাৰায়ণ এ
প্ৰচাৰিলা নিজ যশ-ধৰ্ম্ম বিপৰীত ||৮০৫
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
যোনো মোক তুমি দাস পৰিহৰা হৰি |
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি ||৮০৬
তোমাৰ গুণৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলো |
তযু পদ-সেৱা-ৰসক আশায় এ
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো ||৮০৭
সহজ কৃপালু গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভকত-বৎসল নাম |
ধেনু যেনমতে বত্স ক পালয় এ
তুমি সেহিমতে ভকতক পালা ৰাম ||৮০৮
আমি যত জীৱ তোমাৰ পালন
হৰি হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী |
আৱে যেৱে নিজ ভৃত্য বুলি পালা
হৰি হৰি হৰি হৰি এ
তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি ||৮০৯
তুমি যাক পালা সিয়োজন আমি
হৰি হৰি হৰি হৰি এ
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত |
তোমাৰ অধীন হুয়া কেনে আমি
হৰি হৰি হৰি হৰি এ
ভৈলোহোঁ স্বতন্ত্ৰ ইটো কিনো অদভুত ||৮১০
তোমাক পৰম ঈশ্বৰ নামানি
হৰি হৰি হৰি হৰি এ
মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি |
আৱে তযু পদে শৰণ পশিলোঁ
হৰি হৰি হৰি হৰি এ
মঞি দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী ||৮১১
দাস হুয়া তযু সেৱা নকৰিলোঁ
হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই |
তুমি পুনু প্ৰভু সহজ-কৃপালু
হৰি হৰি হৰি হৰি এ
শৰণ পশিলোঁ ক্ষমিবে প্ৰভু যুৱাই ||৮১২
মঞি অজ্ঞানীৰ যতেক অজ্ঞান
হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক |
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
হৰি হৰি হৰি হৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক ||৮১৩
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা
হৰি হৰি হৰি হৰি এ
কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ |
কৃষ্ণৰ চৰণ-পঙ্কজ বিনাই
হৰি হৰি হৰি হৰি এ
মঞি অনাথৰ গতি নাহি নাহি আৰ ||৮১৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত