প্ৰাৰ্থনা-নিবেদন : এ ৰাম ৰাম জয় পৰমানন্দ (ঘোষা ছন্দ)

এ ৰাম ৰাম জয় পৰমানন্দ |
পিয়ো তযু চৰণ-কমল মকৰন্দ ||৮৪৩
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ |
তযু পদ-কমলে মজোক মেৰি মন ||৮৪৪
এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন |
তুমিসে ঈশ্বৰ দেৱ ভকত-ৰঞ্জন ||৮৪৫
এ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
তুমি গুণ-নিয়ন্তা নিৰ্গুণ গুণধাম ||৮৪৬
ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম,
শ্ৰীৰাম দেৱ ৰঘুপতি |
হে প্ৰভু ৰঘুনাথ প্ৰণামো দমায়া মাথ
তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম
ৰঘুকুল-নন্দন মুৰাৰি ||৮৪৭
গোপাল গোৱিন্দ ৰাম গোপাল গোৱিন্দ ৰাম
গোপাল গোৱিন্দ জয় ৰাম |
তোমাৰ চৰণে হৰি কেৱল ভকতি বিনে
মোৰ আৰ নাহি আন কাম হৰি ৰাম ||৮৪৮
গোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ
গোপীনাথ গোপীনাথ হৰি |
তোমাৰ অভয় দুই চৰণে শৰণ লৈলো
লৈয়ো মোক নিজ দাস কৰি হৰি ৰাম ||৮৪৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত