গোপী-উদ্ধৱ সংবাদ : ১ম কী : মাধৱ মধুসূদন...

|| ঘোষা ||: 

মাধৱ মধুসূদন ৰাম৷

ভকত বৎসল কৰো প্ৰণাম৷৷১০১৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

বিৰহে আকুল গোপীক জানি৷

উদ্ধৱক মাতি বুলিলা বাণী৷৷

আমাৰ পৰম তুমি ভকত৷

যায়ো গোকুলক চড়ি ৰথত৷৷১২৩৯৷৷

বচন সন্দেশ গোপীত কই৷

প্ৰবোধ দিবা কতো দিন ৰই৷৷

গৈলন্ত উদ্ধৱ গোপ নগৰী৷

আদৰিলা নন্দে আতি সাদৰি৷৷১২৪০৷৷

যশোদা কান্দন্ত কৃষ্ণক স্মৰি৷

চক্ষুৰ লোহ পড়ে সৰসৰি৷৷

সোধন্ত ৰাম মাধৱৰ কথা৷

এড়িলন্ত কৃষ্ণে আমাৰ বেথা৷৷১২৪১৷৷

মাৱ বাপ পাই নাইলা দুনাই৷

আমাক কৰিলা অনাথ প্ৰায়৷৷

এহি বুলি দুয়ো কান্দন্ত আতি৷

উদ্ধৱে প্ৰবোধ দিলন্ত মাতি৷৷১২৪২৷৷

দেখিবা কৃষ্ণক নকৰা খেদ৷

কৰিব হৰি দুঃখ পৰিচ্ছেদ৷৷

উদ্ধৱৰ বোলে দুয়ো জুড়াইল৷

কৃষ্ণৰ কথাতে ৰাতি পুহাইল৷৷১২৪৩৷৷

গোপীগণো আতি ব্যাকুল চিত্ত৷

গাৱে উজাগৰে কৃষ্ণৰ গীত৷৷

কাহাৰো হৰি বিনে নাহি স্বস্থ৷

ওলায়া দেখে সুৱৰ্ণৰ ৰথ৷৷১২৪৪৷৷

কোন আসি আছে নন্দৰ পুৰ৷

যোনো কংসদূত আইল অত্ৰূৰ৷৷

নিলেক কমললোচন স্বামী৷

যাহাৰ বিৰহে মৰোহো আমি৷৷১২৪৫৷৷

ইবাৰ কিবা মাংস নেয় কাটি৷

মৰিল কংস দিবে পিণ্ড বাটি৷৷

ডাকিয়া পাৰে অত্ৰূৰক গালি৷

হা কৃষ্ণ বুলি কান্দে গোৱালী৷৷১২৪৬৷৷

দেখিলা সৱে উদ্ধৱক পাছে৷

ৰূপে মনোহৰ জ্বলন্তে আছে৷৷

আজানুলম্বিত বাহু দুখান৷

নৱ পদ্ম যেন জ্বলে লোচন৷৷১২৪৭৷৷

গাৱে পীতবস্ত্ৰ কৰ্ণে কুণ্ডল৷

পদ্মসম শোভে মুখ মণ্ডল৷৷

গলত জ্বলৈ নৱপদ্মমালা৷

বিস্ময় ভৈল যত গোপবালা৷৷১২৪৮৷৷

ইটো কোনজন কৃষ্ণৰ বেশ৷

জোনো আনি আছে কৃষ্ণ সন্দেশ৷৷

বিৰলে নিয়া উদ্ধৱক মাতি৷

বেঢ়িয়া বসিল সমাজ পাতি৷৷১২৪৯৷৷

জানিলো তুমি মুখ্য হৰিদাস৷

পঠাইলা পিতৃৰ মাতৃৰ পাশ৷৷

মুনিৰো দুস্ত্যজ বন্ধুৰ স্নেহ৷

জানো আনি আছা কৃষ্ণ সন্দেশ৷৷১২৫০৷৷

নুহি গোকুলক স্মৰিবা কেনে৷

পুষ্প চুম্পি এড়ে ভ্ৰমৰ যেনে৷৷

স্ত্ৰীতো হেতু তেনে পুৰুষচিত্ত১৪৯৷

বুজিলো কৃষ্ণৰ আমি ইঙ্গিত৷৷১২৫১৷৷

এড়িলা স্নেহ প্ৰভু সমুদায়৷

মথুৰা নাগৰী সুন্দৰী পায়৷৷

এহি বুলি সৱে লজ্জাক এড়ি৷

কান্দন্ত কৃষ্ণৰ গুণ সুমৰি৷৷১২৫২৷৷

কৃষ্ণক লাগি আতি প্ৰেমভাৱে৷

কৃষ্ণৰ সৱে গুণগীত গাৱে৷৷

কৃষ্ণতে সৱে নিমজাইল মন৷

কাহাৰো গাৱত নাহি চেতন৷৷১২৫৩৷৷

উদ্ধৱে গোপীৰ দেখিয়া ভাৱ৷

বিস্ময় হুয়া শিহৰাইলা গাৱ৷৷

নন্দৰ ব্ৰজে যত গোপীজাক৷

শিৰে বন্দো তান পদধূলাক৷৷১২৫৪৷৷

ৰাত্ৰি দিনে গাৱে হৰি চৰিত্ৰ৷

তিনিয়ো লোকক কৰে পৱিত্ৰ৷৷

বোলন্ত অনেক প্ৰবোধ বাক৷

ক্রন্দন এৰা আৱে গোপীজাক৷৷১২৫৫৷৷

কিনো তোৰাসৱে কৰিলা পুণ্য৷

সদায়ে গোৱা গোৱিন্দৰ গুণ৷৷

হৰিত মজিল আতি হৃদয়৷

কিনো তোমাসাৰ ভাগ্য উদয়৷৷১২৫৬৷৷

হৰিৰ অৰ্থে পতি পুত্ৰ এড়ি৷

কৰিলা পূজা যেন সৱে চেড়ী৷৷

জানিলো সংসাৰ তৰিলা সুখে৷

বৰ্ণাইবো আৰ কতো মোৰ মুখে৷৷১২৫৭৷৷

কহিলা কৃষ্ণৰ সন্দেশ বাক৷

জুৰাইল শুনি সৱে গোপীজাক৷৷

উদ্ধৱত কথা সোধে দুনাই৷

সুখে কি আছন্ত কৃষ্ণ গোসাঞি৷৷১২৫৮৷৷

আমাৰ কথা কি পৰে মনত৷

যেন ক্রীড়া ভৈলা ৰাত্ৰি বনত৷৷

আৰ কি আসিব নন্দৰ পুৰ৷

কৈসানি দেখিবো মুখ প্ৰভুৰ৷৷১২৫৯৷৷

পৰিল কান্দন্তে চক্ষুৰ পানী৷

উদ্ধৱে প্ৰবোধি বুলিলা বাণী৷৷

এড়া অনুশোচ দেখিবা হৰি৷

ৰাম বুলি যায়ো সংসাৰ তৰি৷৷১২৬০৷৷

শুনা সৰ্ব্বজন কৃষ্ণৰ বাণী৷

ভক্তক স্নেহ কৰা চক্রপাণি৷৷

কামাতুৰ ভাৱে ভজিয়া হৰি৷

তৰিল এতেকে গোপৰ নাৰী৷৷১২৬১৷৷

তাহাঙ্ক শান্ত কৰাইলন্ত পাছে৷

ভক্তৰ ইষ্ট কোন দেৱ আছে৷৷

আলাস তেজিয়া ভজিয়ো হৰি৷

সমস্ত নৰে ডাকি বোলা হৰি৷৷১২৬২৷৷