|| পদ ||:
শুক নিগদতি শুনা কুৰুপতি
কৃষ্ণৰ মনুষ্য লীলা৷
গোপিকাক শান্ত কৰি মথুৰাক
উদ্ধৱ যেৱে আসিলা৷৷
মদনে দগধ সৈৰিন্ধ্ৰীক দেখি
পাছে হৰি অন্তৰ্য্যামী৷
উদ্ধৱ সহিতে তাইৰ মন্দিৰক
লড়িলা জগত স্বামী৷৷১২৬৩৷৷
সৈৰিন্ধ্ৰীৰ সিটো বিচিত্ৰ মন্দিৰ
সূৰ্য্য যেন কৰে কান্তি৷
সুৱৰ্ণ আসনে ৰঞ্জিত ভাজনে
প্ৰকাশে প্ৰদীপ-পান্তি৷৷
সুৱৰ্ণ খাটত বিছাই হংস তুলি
পুষ্প সিঞ্চি আছে ছানি৷
মুৰালি মুকুতা খোপা আড়ি চাৰু
চন্দ্ৰাতপ আছে টানি৷৷১২৬৪৷৷
মলয় চন্দন সুগন্ধিত ঘ্ৰাণ
মালতী চম্পা শিৰীষ৷
অগৰু ধূপৰ ধূম্ৰে আমোদিত
বাসয় দিশ বিদিশ৷৷
চৌপাশে পুতলা লেখিছে বাৰত
কৰন্তে আছে সুৰত৷
যাক দেখি হোৱে কামী পুৰুষৰ
কামে চিত্ত উনমত্ত৷৷১২৬৫৷৷
হেন মন্দিৰৰ মধ্যত সুন্দৰী
বসিয়া আছে আসনে৷
চৌপাশে বেঢ়িয়া সেৱা কৰি আছে
সালঙ্কৃতা দাসীগণে৷৷
কৃষ্ণকেসে মনে চিন্তি আছে আতি
কেতিক্ষণে পাইবো বুলি৷
সেহি বেলা আসি মাধৱো মিলিলা
দেখিলেক মাথা তুলি৷৷১২৬৬৷৷
উল্লাসি উৎসৱে আগবাঢ়ি গৈল
সখীগণ লৈয়া সঙ্গে৷
আসনে বৈসাই সাদৰে কৃষ্ণক
পূজিল যুৱতী ৰঙ্গে৷৷
উদ্ধৱক আতি সতকাৰ কৰি
আসন দিলা বঢ়াই৷
আসনক মান্য- কৰি হাতে দিয়া
বসিল মাটিতে যাই৷৷১২৬৭৷৷
মনুষ্য চেষ্টাক দেখাই কৃষ্ণে পাছে
শয্যাত ভৈলা প্ৰৱেশ৷
সৈৰন্ধ্ৰীয়ো আনি দিব্য অলঙ্কাৰ
পিন্ধিল বস্ত্ৰ বিশেষ৷৷
মধুপীয়া গন্ধে চন্দনে কুঙ্কুমে
ভূষিত কৰিয়া লাস৷
কৰ্পূৰ তাম্বুল ভুঞ্জি অনুৰাগে
চাপিলা কৃষ্ণৰ পাশ৷৷১২৬৮৷৷
কটাক্ষ ছটায়ে কৃষ্ণক চাহিয়া
হাসিয়া লাজে নমাতে৷
আইস বুলি কৃষ্ণে কঙ্কণে মণ্ডিত
কৰত ধৰিলা হাতে৷৷
শয্যাক আনিয়া অশেষ ক্রীড়িলা
কৃষ্ণে পূৰি তাইৰ মতি৷
চন্দন অৰ্পণ পুণ্য লেশে পাইলে
ঈশ্বৰ কৃষ্ণক পতি৷৷১২৬৯৷৷
কৃষ্ণৰ চৰণ ধৰি ঘনে ঘন
শুঙ্গয় এড়িয়া ব্ৰীড়া৷
হৃদয় স্তনক চক্ষুত ঘষিয়া
এড়াইল মদন পীড়া৷৷
আনন্দ মূৰ্ত্তিক দুইহাতে হিয়াত
আলিঙ্গি ভৈল নিষ্পাপ৷
মোক্ষতো অধিক আনন্দ মিলিল
তৰিল সংসাৰ তাপ৷৷১২৭০৷৷
দুৰ্ল্লভ কৃষ্ণক পতি পাই তাই
আগত কৰে গোচৰ৷
দিন কতিপয় থাকা নাথ ঐত
চৰণে কৰো কাতৰ৷৷
তযু অঙ্গ সঙ্গ এৰিবে নৱাৰো
আপুনি মুহিলা চিত্ত৷
কৃষ্ণে তাইক পাছে সন্মান কৰিয়া
পূৰিলা মন বাঞ্ছিত৷৷১২৭১৷৷
বস্ত্ৰ অলঙ্কাৰ দিয়া মন তুষি
সৈৰিন্ধ্ৰীক হৰি ৰঙ্গে৷
আপুন গৃহক চলি গৈলা পাছে
উদ্ধৱক লৈয়া সঙ্গে৷৷
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
শুনিয়োক সৱে নৰ৷
আতি অল্প সেৱা মাত্ৰতে সন্তোষ
হোৱয় কৃষ্ণ ঈশ্বৰ৷৷১২৭২৷৷
চন্দন অৰ্পণ বিনে কুবুজাৰ
আন কিছু পুণ্য নাই৷
এতেকতে হেন দেখিয়ো পৰম
প্ৰসাদ পাইলেক তাই৷
যিটো অনুক্ষণে শ্ৰৱণ কীৰ্ত্তনে
ভজে এক চিত্ত কৰি৷
তাহাৰ ভাগ্যক কহন নযায়
ডাকি বোলা হৰি হৰি৷৷১২৭৩৷৷