অক্ৰুৰৰ বাঞ্ছাপূৰণ :১ ম কী : গোপাল কৃপাল...

|| ঘোষা ||: 

গোপাল কৃপাল পালিয়ো বাপ

পাপ পয়োধিত মৰো৷

ইজন্মত নাথ নভৈল ভকতি

পাতকী কিমতে তৰো৷৷১০৩৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

আত অনন্তৰে ৰাম উদ্ধৱক

কৃষ্ণে দুইকো লৈয়া সঙ্গে৷

অক্ৰূৰৰ প্ৰীতি সাধিবাক প্ৰতি

লড়িলা মনত ৰঙ্গে৷৷

তিনি নৰোত্তম বান্ধৱ পৰম

আসন্ত দেখি অত্ৰূৰে৷

পৰম আনন্দে আলিঙ্গিয়া আগ

বাঢ়িলা আতি সাদৰে৷৷১২৭৪৷৷

ৰামক কৃষ্ণক পৰি প্ৰণামিলা

তাঙ্কো প্ৰণামিলা দুই৷

আসনে বৈসাই তিনিকো অৰ্চ্চিলা

অক্ৰূৰে বিস্ময় হুই৷৷

দোভাইৰ পাৱক পখালি শিৰত

লৈয়া পাদোদক জল৷

গন্ধপুষ্পে ধূপে বসনে পূজিয়া

কৰিলা জন্ম সাফল৷৷১২৭৫৷৷

পৰম সাদৰে কৃষ্ণৰ চৰণে

কোলাত লৈয়া ঝান্তিল৷

প্ৰণতি পূৰ্ব্বকে তুতি কৰিবাক

অত্ৰূৰে পাছে লাগিল৷৷

সাধিলা আনন্দ কিনো নাৰায়ণ

সবান্ধৱে বধি কংস৷

দুঃখৰ উদ্ধাৰ কৰি পুনৰপি

বঢ়াইবাহা যদুবংশ৷৷১২৭৬৷৷

তোমাৰ ভকতি পথক পাষণ্ডে

কৰয় যেৱে উচ্ছন্ন৷

সন্তৰ ৰক্ষাৰ হেতু অৱতাৰ

হোৱা তেৱে নাৰায়ণ৷৷

সম্প্ৰতি আপুনি বসুদেৱ গৃহে

ৰাম সমে অৱতৰি৷

দুৰ্জ্জন ৰাজাক বধিয়া মাধৱ

উদ্ধাৰিলা বসুন্ধৰী৷৷১২৭৭৷৷

আজি মোৰ গৃহ তীৰ্থতো অধিক

পৱিত্ৰ ভৈল অশেষ৷

যিহেতু সাক্ষাতে জগতৰ গুৰু

আপুনি ভৈলা প্ৰৱেশ৷৷

কোননো পণ্ডিতে এড়িয়া তোমাক

আনক ভজিবে যায়৷

ভকত জনক আপুনাকো দিয়া

জানো ইটো অভিপ্ৰায়৷৷১২৭৮৷৷

ভকতেসে প্ৰভু তোমাৰ বান্ধৱ

দিয়া মনোৰথ সিদ্ধি৷

ব্ৰহ্মাৰ দুৰ্ল্লভ তোমাক দেখিলো

কিনো সুপ্ৰসন্ন বিধি৷৷

সুত বিত্ত দাৰা বিষয় জঞ্জাল

ছিণ্ডা মোৰ মোহজৰী৷

তোমাৰ চৰণ নিতান্তে চিন্তিয়া

ফুৰো কৃপা কৰা হৰি৷৷১২৭৯৷৷

অনেক ভকতি কৰিলন্ত স্তুতি

নয়নৰ পৰে পানী৷

অক্ৰূৰৰ মন মুহি হৰি পাছে

হাসিয়া বুলিলা বাণী৷

তুমি গুৰু পিতৃ সুহৃদ আমাৰ

আমি তযু পুত্ৰচয়৷

ৰক্ষণ পোষণ কৰিবা সদায়

আমাত হুয়া সদয়৷৷১২৮০৷৷

যত নদ-নদী সিয়ো তীৰ্থ হয়

শিলাৰ প্ৰতিমা দেৱ৷

তেসম্বে পৱিত্ৰ কৰে যেৱে পুনু

বহু কাল কৰে সেৱ৷৷

দেখিল মাত্ৰকে ভকতে পৱিত্ৰ

কৰৈ লোক নিৰন্তৰ৷

দেৱে তীৰ্থে জানা ভকতজনৰ

অনেক হোৱে অন্তৰ৷৷১২৮১৷৷

হেনয় পৰম বন্ধুজন তুমি

সুহৃদতে সাৰতৰ৷

হস্তিনাপুৰৰ পৰা পাণ্ডৱৰ

বাৰ্ত্তাক আনা সত্বৰ৷৷

মৰিলন্ত পাণ্ডু পাঞ্চপুত্ৰ সমে

কুন্তী ভৈল দুঃখভাগী৷

ধৃতৰাষ্ট্ৰে বোলে আনিল শুনিলো

হস্তিনাপুৰক লাগি৷৷১২৮২৷৷

পাণ্ডৱক পুনু হিংসা কৰৈ ৰাজা

আপুন পুত্ৰ নিদান৷

যেন ভাল মন্দ জানি আসা খুড়া

সাধিবো মই কল্যাণ৷৷

অক্ৰূৰক হেন প্ৰবোধ বুলিয়া

প্ৰণয়ে ৰঞ্জিয়া চিত্ত৷

আপুন গৃহক চলি গৈলা পাছে

উদ্ধৱ ৰাম সহিত৷৷১২৮৩৷৷

তাহান চৰণে ভকতি কৰিলে

সিজিবে সমস্তে কাম৷

হৰিসে পৰম বান্ধৱ জানিয়া

লৈয়ো তান সদা নাম৷৷

শুনা সৰ্ব্বজন কেদিন জীৱন

তথাপি নুগুণা মনে৷

হেন জানি কৃষ্ণ চৰণে শৰণ

লৈয়ো অকপট মনে৷৷১২৮৪৷৷

তান্ত বিনে আন ব্ৰহ্মাণ্ড মধ্যত

তাৰন্তা নাহিকে কেৱ৷

জানি তান সদা গুণনাম গায়া

কৃষ্ণক কৰিয়ো সেৱ৷৷

কৃষ্ণৰ কিঙ্কৰে কহয় শঙ্কৰে

নেড়িবা মুখত নাম৷

আলাসক এৰি সমজ্যায়ে বেঢ়ি

ডাকি বোলা ৰাম ৰাম৷৷১২৮৫৷৷