আত্ম-নিন্দা : শান্ত চিদানন্দ শুদ্ধ অনন্ত-মহিমা নিত্য (ছবি ছন্দ)

শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত
নিৰ্ম্মল তৰঙ্গচয়-হীন |
হেনয় পৰমানন্দ অমৃত-সাগৰে মজি
আচান্ত নকৰি বুদ্ধি-ক্ষীণ ||১০৯
হে হৰি সাৰশূণ্য মৃগতৃষ্ণাৰ্ণৱ-জলে
মহা শ্ৰান্ত হুয়া মোহ পাঞো |
স্নান পান আচমন কৰোহো ৰমণ তাতে
কতোহো উপঙ্গো তল যাঞো ||১১০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত