আত্ম-নিন্দা : তুমি প্ৰাণ প্ৰিয়তম সুহৃদ পৰম দেৱ (ঘোষা ছন্দ)

তুমি প্ৰাণ প্ৰিয়তম সুহৃদ পৰম দেৱ
প্ৰাণ-প্ৰভু পীতাম্বৰ এ
তুমিসে কেৱলে আত্মা মোৰ |
হৰি হৰি তুমিসে পৰম আত্মা মোৰ |
তোমাক নজানি জড় মিছা শৰীৰক মঞি
প্ৰাণ-প্ৰভু পীতাম্বৰ এ
আত্মা বুলি ভৈলো সেৱা-চোৰ |
প্ৰাণ-বন্ধু কিনা মই অজ্ঞানী দুৰ্ঘোৰ হৰি এ ||৭৫০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত