অধমে কেৱল দোষ লৱয় মধ্যমে গুণ
দোষ লৱে কৰিয়া বিচাৰ |
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ ||১৩১
দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
গুণ দেখি কৰিলা ৰক্ষণ |
মহাপাপী অন্ত্য জাতি তৰয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্ত্তন ||১৩২
অবিদ্যা-জনিত সুখ সত্য লোক আদি কৰি
আত নিৰপেক্ষ নিৰন্তৰ |
কেৱল চিদাঙ্গ-শুদ্ধি কৰণেসে মাত্ৰ জানা
পুৰুষাৰ্থ মুমুক্ষজনৰ ||১৩৩
বিদ্যা-অবিদ্যা-জন্য সুখে নিৰপেক্ষ হুইয়া
কৰিল আপুন মন স্থিৰ |
সকল জগত ইটো বাসুদেৱ্ময় মাত্ৰ
পুৰুষাৰ্থ জানিবা জ্ঞানীৰ ||১৩৪
সমস্ত সুখক তেজি পুৰুষোত্তমৰ প্ৰেম
ভকতিক কৰিল আশ্ৰয় |
ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত
আনো সুখ অধিক পাৱয় ||১৩৫
মুমুক্ষজনৰ যেৱে অবিদ্যা-জনিত সুখে
বিৰকতি ভৈল আতিশয় |
কেৱল আত্মাত মাত্ৰ সদায় ৰমণ কৰে
তেৱে বিধি-কিঙ্কৰ গুচয় ||১৩৬
জ্ঞান-নিষ্ঠজনে বিদ্যা- অবিদ্যা-জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে |
বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো
বিধিৰ কিঙ্কৰ গুচে তেৱে ||১৩৭
পুৰুষোত্তমৰ প্ৰেম ভকতি-সুখক মাত্ৰ
নিশ্চয় কৰিলা যিটোজন |
শৰণ-কালৰেপৰা বিধিৰ কিঙ্কৰ গুচি
কৰে সদা শ্ৰৱণ-কীৰ্ত্তন ||১৩৮
ভৰত ৰত্নৰ দীপ মনুষ্য-শৰীৰ নৌকা
ৰাম-নাম মহাৰত্ন সাৰ |
হেনয় বাণিজ পাই যিটো জনে নকৰয়
তাত পৰে দুখী নাহি আৰ ||১৩৯
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত