হৰবাৰ : চৈতন্য আদিত্য হৃদয়-আকাশে (দুলড়ি ছন্দ)

চৈতন্য আদিত্য হৃদয়-আকাশে
সৰ্ব্বদায়ে প্ৰকাশয় |
উদয়াস্ত নাহি সন্ধ্যা উপাসনা
কৰিবো কোন সময় ||৩৯০
যিহেতু গোৱিন্দ নিজ-যশ-প্ৰিয়
ভকত-বত্সনল হৰি |
সিহেতু সদায় নাম-গুণ শুনি
থাকন্ত আনন্দ কৰি ||৩৯১
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি যশ
জগত-পাৱনকাৰী |
তাতেসে আপুন যশত সন্তোষ
ঈশ্বৰ প্ৰভু মুৰাৰী ||৩৯২


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত