ভজন : জয় জয় জয় কৃষ্ণ কৃপাময় (দুলড়ি ছন্দ)

জয় জয় জয় কৃষ্ণ কৃপাময়
ভজিলো তোমাৰ পাৱে |
তোমাৰ চৰণ- পঙ্কজত মন
মজোক মোৰ স্বভাৱে ||১৮৮
জয় জয় ৰাম জগত-কাৰণ
জগত-জীৱন স্বামী |
পৰম দেৱতা জানিয়া তোমাৰ
চৰণে ভজিলো আমি ||১৮৯
অনাদি অনন্ত হে ভগৱন্ত
ভজো কৰি প্ৰণিপাত |
মুকুতি-ৰসকো তেজি মহাজনে
শৰণ লৱে তোমাত ||১৯০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত