ভজন : গোপীনাথ গোৱিন্দ ৰাম কৃষ্ণ হৰি (ঘোষা ছন্দ)

গোপীনাথ গোৱিন্দ ৰাম কৃষ্ণ হৰি |
ভজোহোঁ তোমাৰ পদ-কমলত ধৰি ||৬৯১
ভজোহোঁ গোৱিন্দ তোমাৰ পায় |
মোক নছাড়িবা সেৱক-দায় ||৬৯২
ৰাম কৃষ্ণ গোপীনাথ গোৱিন্দ |
সেৱোহোঁ তযু পদ-অৰৱিন্দ ||৬৯৩
প্ৰণত-পালক দেৱ গোৱিন্দ |
ভজোহোঁ তযু পদ অৰৱিন্দ ||৬৯৪
মোৰ প্ৰভু নাৰায়ণ এ
হৰি হৰি তোমাৰ চৰণে মনে ভজো |
তোমাক নভজি ভৱসিন্ধু মাজে মজো ||৬৯৫
ভুৱন-মোহন ৰাম ভজিলো তোমাৰ পাৱ |
মহা মহা পাপী যাৰ নাম জপি উত্তম পদক পায় ||৬৯৬

ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ
নিৰ্ব্বিকাৰ নিৰাময় হৰি |
চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ
ভজো তুৱা চৰণত ধৰি হৰি ৰাম |
বিভু প্ৰভু অনন্ত দৈত্যাৰি ||৬৯৭


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত