মহিমাযুক্ত উপদেশ : ৰাম-কৃষ্ণ নাম যাৰ মুখত থাকয় (পদ ছন্দ)

ৰাম-কৃষ্ণ নাম যাৰ মুখত থাকয় |
তাহাৰেসে জানিবা মিলিল মহোদয় ||৪৬৫
ৰাম-কৃষ্ণ-কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ |
সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ ||৪৬৬
ৰাম-কৃষ্ণ-নামক সততে যিটো গাৱে |
তাক হৰি ৰাখিয়া ফুৰন্ত সৰ্ব্বভাৱে ||৪৬৭
ৰাম-কৃষ্ণ-নাম যিটো সততে সুমৰে |
হৰিৰ পৰম প্ৰিয় ভৈলা সিটো নৰে ||৪৬৮


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত