মহিমা-যুক্ত উপদেশ : ব্যাস নিগদতি লুব্ধমতি শুনিয়ো আনন্দে কৰ্ণ পাতি (লেছাৰি ছন্দ)

ব্যাস নিগদতি লুব্ধমতি শুনিয়ো আনন্দে কৰ্ণ পাতি
দেওঁ উপদেশ ঊৰ্দ্ধ বাহু উচ্চ কৰি |
এহিমানে মাত্ৰ মহামন্ত্ৰ সংসাৰ-দুৰ্ঘোৰ-বিষহাৰী
নমো নাৰায়ণ বুলিয়োক মুখ ভৰি ||৬০২
সকলে নিগমে কল্পতৰু তাৰ ফল মহাভাগৱত
শুক-মুখে আসি ভূমিত ভৈলা বিদিত |
ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়োক ফল-অমৃত ||৬০৩
হৰিক সততে স্মৰা প্ৰজা সমস্তে পুণ্যৰ ইসে ৰাজা
হৰিক স্মৰণে সিজয় পুণ্য কিঙ্কৰ |
নপাসৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত
হৰি পাসৰিলে সিজে পাপ নিৰন্তৰ ||৬০৪
শুনিয়ো পাৰ্ব্বতী তুমি এৱে ৰাম ৰাম ৰাম বোলা যেৱে
তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য |
ৰাম ৰাম ৰাম ৰাম বুলি ৰামতে ৰমোহো সৰ্ব্বক্ষণে
জানা ৰাম-নাম সহস্ৰ নামৰ তুল্য ||৬০৫
বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ
বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন |
সংসাৰ তৰিতে খোজা যেৱে আপুন মোক্ষৰ হেতু তেৱে
গোৱিন্দ গোৱিন্দ বেকতে বোলা বচন ||৬০৬
মাধৱে বোলন্ত ধনঞ্জয় মহা দুৰাচাৰো আতিশয়
আন দেৱ তজি মোকেসে মাত্ৰ ভজয় |
তাকেসে পৰম সাধু বুলি মানিবা মনত সৰ্ব্বক্ষণে
যিহেতু সম্যকে কৰিল মোক নিচয় ||৬০৭
ভক্তিৰ মহিমা বিপৰীত অধৰ্ম্ম তেজিয়া ধৰ্ম্ম-চিত
হোৱে শীঘ্ৰে মোক ভজি জানা কুন্তী-সুত |
আক যি কুতৰ্কী নমানয় তথা গৈয়া বায়ো বাদ্যচয়
বাহু মেলি কৰা অঙ্গীকাৰ অদভুত ||৬০৮
মোহোৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্তো নুহি নষ্ট
কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হোৱয় |
তোহ্মাৰ প্ৰগলভ প্ৰৌঢ়ি শুনি সমস্তে কুতৰ্ক পৰিহৰি
গুৰুত্বে তোহ্মাক কৰিবে সৱে আশ্ৰয় ||৬০৯
আহ্মাৰ নিৰ্ম্মল ভকতিত দুৰাচাৰো তৰে কোন চিত্ৰ
আহ্মাক ভজিয়া চণ্ডালো তৰে সংসাৰ |
স্ত্ৰী শূদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদা ৰত
মোক ভজি সুখে ইসৱে হোৱে উদ্ধাৰ ||৬১০
ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য-তনু মোক ভজি তৰিবেক পুনু
আত অদভুত নাহিকে কোনো সংশয় |
ৰাজ-ঋষি-তনু আছা পায়া অনিত্য অসুখ লোক জানি
আতি শীঘ্ৰে মোক ভজা সখি ধনঞ্জয় ||৬১১
মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্ব্বক্ষণ
মোক পূজা মোকে মাত্ৰ কৰা নমস্কাৰ |
কহিলো তোমাত সত্য বাণী পাইবা সুখে মোক মহামানী
তুমি প্ৰিয়তম সুহৃদ সখি আহ্মাৰ ||৬১২
ভগৱন্ত দেৱ নিগদতি শুনিয়ো অৰ্জ্জুন মহামতি
তোমাত কৰঞো পৰম ইটো ৰহস্য |
ঐশ্বৰ্য্য বিভুতি বলে সমে জানে যিটো মোক নৰোত্তমে
সিও ভৈল মোৰ তাৰ ভৈলো মঞি বশ্য ||৬১৩
অসম্মূঢ়ভাৱে যিটোজনে উত্তম পুৰুষ মোক মানে
তাকে সৰ্ব্ববেত্তা বুলিয় সখি অৰ্জ্জুন |
সিটো সমস্তকে পৰিহৰি কায় বাক্য মনে যত্ন কৰি
ভজয় আমাক পুৰুষ সিটো নিপুণ ||৬১৪
মোতে হন্তে হোৱে চৰাচৰ মোতেসে প্ৰৱৰ্ত্তে নিৰন্তৰ
ইহাক অৰ্জ্জুন জানে যিটো মহাজন |
পৰম বিৱেকী সিটোজন মোৰ ভাবে হুয়া যুক্ত-মন
মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্ত্তন ||৬১৫
মোতেসে কেৱলে দিয়া চিত মোতে মাত্ৰ প্ৰাণ অৰ্পি নিত
অন্যোঅন্যে মিলি মোকেসে বোধ কৰাৱে |
মোকে মাত্ৰ কহে সৰ্ব্বক্ষণে পৰম সন্তোষ লভি মনে
আনন্দ-সাহৰে মজি ৰহে প্ৰেমভাৱে ||৬১৬
ৰহস্যক জানে যিটো লোক সততে কীৰ্ত্তন কৰে মোক
ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত |
মোৰ সৰ্ব্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে
তাৰ মোৰ এড়া-এড়ি নাহি কদাচিত ||৬১৭
মাধৱে কহন্ত অৰ্জ্জুনত শুনা ইটো পৰমাৰ্থ-তত্ত্ব
ভকতেসে মোৰ মহিমা জানে নি:শেষ |
তত্ত্ব-ৰূপে সখি জানি মোক তৰিবা দুৰ্ঘোৰ দুখ-শোক
অন্ত-কালে গৈয়া আমাত হোৱে প্ৰৱেশ ||৬১৮
কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ-তত্ত্ব লৱা বাছি
সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আমাত |
মোতে মাত্ৰ সদা দিয়া চিত গায়ো মোৰ গুণ-নাম-গীত
সকলে শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাত ||৬১৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত