নিৱেদন : যাদৱ যাদৱ যাদৱ যাদৱ দেৱ (পদ ছন্দ)

যাদৱ যাদৱ যাদৱ যাদৱ দেৱ |
তুমি বিনে সুহৃদ বান্ধৱ নাহি কেৱ ||৫৪৪
কমনে ভজিবা হৰি চৰণ তোহ্মাৰ |
দুৰ্ঘোৰ মায়ায়ে মন মুহিলে আহ্মাৰ ||৫৪৫
ৰাম বুলি তৰিবো দঢ়াই আছো মন |
তুমি হৰি দীন-বন্ধু পতিত-পাৱন ||৫৪৬
পতিত-পাৱন ৰাম কৃষ্ণ কৃপা-সিন্ধু |
আমি পতিতক নছাড়িবা দীন-বন্ধু ||৫৪৭
হে হৰি মোৰে প্ৰাণ জীৱন মুৰাৰী |
অনাথৰ নাম ভকতৰ ভয়হাৰী ||৫৪৮


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত