স্তুতি : মুৰাৰি মাধৱ মধু-ৰিপু ৰাম (পদ ছন্দ)

মুৰাৰি মাধৱ মধু-ৰিপু ৰাম |
তুমি ভকতৰ ধৰ্ম্ম অৰ্থ মোক্ষ কাম ||৫৮৩
মুৰাৰি মনোহৰ ভগৱন্ত দেৱ |
তুমি বিনে পতিতৰ গতি নাহি কেৱ ||৫৮৪
কিনো কৃপাময় দেৱ প্ৰভু যদুৰায় |
মুখ মাজে থৈলা নাম সৰ্ব্বক্ষণে পায় ||৫৮৫


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত