স্তুতি : বসুদেৱ নিগদতি হাসি সাক্ষাতে বিদিত ভৈলা আসি (লেছাৰি ছন্দ)

বসুদেৱ নিগদতি হাসি সাক্ষাতে বিদিত ভৈলা আসি
তুমিসি পুৰুষ প্ৰকৃতিতো কৰি পৰ |
সমস্ত জীৱৰ বুদ্ধি-সাখী কেৱল-আনন্দ অনুভৱ
স্বৰূপে সুখৰ সাগৰ দেৱ ঈশ্বৰ ||৬৫৬
হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত
দুৰ্ঘোৰ সংসাৰ-তাপত পৰি আছয় |
তযু পদ শ্বেত-ছত্ৰ-প্ৰায় অমৃত বৰিষে সৰ্ব্বদায়
আৰ ছায়া বিনে নেদেখো আৰ আশ্ৰয় ||৬৫৭
বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ |
দেৱৰো দুৰ্ল্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলো তযু চৰণ ||৬৫৮


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত