লেছাৰি : তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি-অবিৰোধী কৰ্ম্ম কৰে (লেছাৰি ছন্দ)

তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি-অবিৰোধী কৰ্ম্ম কৰে
কৃষ্ণৰ কথাত ৰতি যাৱে নুপজয় |
যেৱে ভৈল কৃষ্ণ-কথা-ৰত নিত্য নৈমিত্তিক আদি যত
কথাৰ বিৰোধী জানিয়া সৱে তেজয় ||৫৯৯
সমস্তে তপকে আচৰোক পৰোক পৰ্ব্বতে উঠি যত
তীৰ্থত ভ্ৰমোক পঢ়োক বেদ-নিচয় |
যজোক সমস্তে যজ্ঞচয় যোগক জানোক সমস্তয়
হৰি বিনে কদাচিতো মৃত্যু নতৰয় ||৬০০
মহন্তসৱৰ সঙ্গ লৈয়া হৰিত একান্তে চিত্ত দিয়া
পৰম আনন্দে গাৱে হৰি-গুণ-নাম |
সহজে দায়ালু দেৱ হৰি লৈৱা আপুনাৰ দাস কৰি
হৰি-দাস ভৈলে হৈবা ভাই পূৰ্ণকাম ||৬০১


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত