লেছাৰি : জানা শ্ৰীৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ (লেছাৰি ছন্দ)

জানা শ্ৰীৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ
সঞ্জীৱনী-প্ৰায় যাৰ মনে প্ৰৱেশয় |
যদি হলাহল পান কৰে প্ৰলয়-বহ্নিত যদি পৰে
মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয় ||৬২১
পূৰ্ণ শশী পূৰ্ণ দুগ্ধ-সিন্ধু সিমত প্ৰকাশ নকৰয়
কমনীয় লক্ষ্মী বদনো সিমত নয় |
ঈশ্বৰ কৃষ্ণৰ পাদ-পদ্ম ভজি স্পৃহাহীন ভৈল সিটো
সিটো মন গোট যিমতে শোভা কৰয় ||৬২২
শ্ৰীমুকুন্দৰ নাম-গুণ কীৰ্ত্তন প্ৰকাশে যি দিশত
সি দিশক প্ৰতি নমস্কাৰ যিটো কৰে |
চিদানন্দ-ঘন স্বৰূপত ঈশ্বৰ কৃষ্ণত নিত্যাগত
পৰম আনন্দ কৰে সিটো সাধু নৰে ||৬২৩
হৰি-ভক্তি ৰাজ-মাৰ্গে গুৰু- পদ-নখ-চন্দ্ৰ-প্ৰকাশিত
শ্ৰুতি-জননীৰ পদ-পন্থ অনুসৰি |
ফুৰো হুয়া আমি অনন্দিত স্খলন নাহিকে কদাচিত
মহাজন সৱে জানিবা নিশ্চয় কৰি ||৬২৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত