তাৎপৰ্য্য : চাৰিয়ো বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে (লেছাৰি ছন্দ)

চাৰিয়ো বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে
বেকত কৰিয়া থৈলা নাৰায়ণ-বাণী |
সেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া
হৰি-সন্তোষৰ কাৰণ আন নজানি ||৬৬৫
একেখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ দেৱকী-নন্দনে কৈলা যাক
দেৱো একমাত্ৰ দৈৱকী দেৱীৰ সুত |
দৈৱকী পুত্ৰৰ পদ-সেৱা কৰ্ম্মো একে এহিমানে মাত্ৰ
মন্ত্ৰো একে তান নাম-মাত্ৰ অদভুত ||৬৬৬
কৃষ্ণ-যশে চিত্ত-ধৌত হুয়া সমস্ত ক্লেশক তৰি পুনু
কৃষ্ণ-দাসে কৃষ্ণ-চৰণ-মূল নেড়য় |
সকলে সম্পূৰ্ণ নিজ গৃহ পথিকসকলে পায়া পুনু
দুখ এড়াই যেন সিটো গৃহ নছাড়য় ||৬৬৭
সকল উপনিষদ ধেনু দোগ্ধা ভৈল তানে নন্দ-সুত
তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয় |
দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত
সুবুদ্ধি সকলে সন্তোষে পান কৰায় ||৬৬৮


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত