তাৎপৰ্য্য : কৰুণাময় ৰাম কৰুণাময় (ঘোষা ছন্দ)

কৰুণাময় ৰাম কৰুণাময় |
কৰিয়ো কৃপা যেন উচিত হয় ||৭৮৫
তুমিসে ৰাম কৃপা ৰসৰ নিধি |
তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি ||৭৮৬
তোমাৰ কৃপাকেসে কৰিছোঁ আশ |
অৰুণ পদতলে দিয়োক বাস ||৭৮৭
সহজে তুমি ৰাম কৰুণা-সিন্ধু |
তোমাত বিনে আন নাহিকে বন্ধু ||৭৮৮
তোমাৰ কৃপা-লেশে আমাৰ গতি |
কহয় মাধৱ মূৰুখ-মতি ||৭৮৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত