|| পদ ||:
বসুদেৱে বিষ্ণু হেন জানিয়া তোমাক৷
অনেক বিনয়ে বুলিলন্ত স্তুতি-বাক৷৷
পুছিলাহা পৰম ৰহস্য মহাজ্ঞান৷
পিতৃত সমস্তে তত্ত্ব কৰিলা ব্যাখ্যান৷৷ ১
আসিলন্ত লৰি ভৃগু ঋষি পৰীক্ষাক৷
সুখে নিদ্ৰা লভি আছা দেখিলা তোমাক৷৷
জগাইলন্ত ক্রোধে হৃদয়ত লাথি মাৰি৷
ভৃগুক প্ৰণামি স্তুতি বুলিলা মুৰাৰি৷৷ ২২
কৰিলা কাকূতি চৰণত ধৰি হৰি৷
হিয়াত লাগিল সিটো সুকোমল ভৰি৷৷
পাইলা মহাদুখ কিনো আতি অসন্তোষ৷
নিদ্ৰাত আছিলো মোৰ মৰষিয়ো দোষ৷৷ ৩
ঋষিৰ ধূলাৰৰ চিহ্ন ধৰিলাহা হৰি৷
শুক্ল ভৈলা লোম-পান্তি সেহি দিনা দৰি৷৷
তোমাৰ অদ্ভত লীলা জানিবো কিমতে৷
তুমিসি ব্ৰাহ্মণ্য দেৱ জানিল জগতে৷৷ ৪
ভুজঙ্গ-শয্যাত প্ৰভু আছিলাহা শুতি৷
মূৰ্ত্তি ধৰি চাৰি বেদে কৰিলন্ত স্তুতি৷৷
নিদ্ৰাত প্ৰবোধ প্ৰভু কৰাইল তোমাক৷৷
যেন নট-ভাটগণে জগাৱে ৰাজাক৷৷ ৫
সবৰ্ব-গ্ৰাস সূৰ্য্যৰ গ্ৰহণ আসি ভৈলা৷
জানি কৃষ্ণ সবান্ধৱে কুৰুক্ষেত্ৰে গৈলা৷৷
কৃষ্ণ-দৰশন-অভিলাষ মন সুখে৷
আসিলন্ত দেৱ ঋষি নাৰদ প্ৰমুখ্যে৷৷ ৬
সৱাকো অৰ্চ্চিলা হৰি বুলি স্তুতি-বাণী৷
পিতৃৰ কৰাইলা মহাযজ্ঞ চক্রপাণি৷৷
নন্দ যশোদাক পায়া কৰিলা সৎকাৰ৷
দিলা মনোৰথ পূৰি বস্ত্ৰ অলঙ্কাৰ৷৷ ৭
চিৰকাল তোমাক নেদেখি দুয়ো প্ৰাণী৷
কান্দিলা অনেক দুয়ো গলে বান্ধি আনি৷
দৈৱকী ৰোহিণী আসি ধৰি যশোদাক৷
কৰিলা সাদৰ আতি বুলি প্ৰিয় বাক৷৷ ৮
গোপীগণ সহিতে তহিতে যদুৰাই৷
ভৈল চিৰ-বিয়োগে বিৰলে এক ঠাই৷৷
কৃষ্ণক বেঢ়িয়া গোপীগণে কান্দে আতি৷
সৱাকো আশ্বাস কৰিলন্ত বুলি-মাতি৷৷ ৯
কহিলা পৰম জ্ঞান তুমি চক্রপাণি৷
শুনি সৱে তোমাৰ অমৃত-সম বাণী৷৷
জুৰাইল শৰীৰ গোপীগণ ভৈল স্বস্থ৷
দিলা বস্ত্ৰ-অলংকাৰ পূৰি মনোৰথ৷৷ ১০
মহাৰাজ নৃগ মহা কঙ্কলা-স্বৰূপে৷
অধত আছিলা পৰি ঘোৰ অন্ধকূপে৷৷
তুলিবাক নৱাৰিলা অনেক যাদৱে৷
বাম হাতে অপ্ৰয়াসে তুলিলা মাধৱে৷৷ ১১
তযু পৰশনে নৃগ শাপক নিস্তৰি৷
তোমাক নমিলা আসি দণ্ডৱতে পৰি৷৷
অক্ষয় স্বৰ্গক পাছে পাইলা মহাশয়৷
সমস্ত যাদৱগণ ভৈলন্ত বিস্ময়৷৷ ১২
ভণিল শঙ্কৰে শুনিয়োক সবৰ্বজনে৷
কৰিয়ো কৃষ্ণৰ নাম কীৰ্ত্তন যতনে৷৷
নাহিকে বান্ধৱ হৰি-নামত বিনাই৷
মৰিলেও পাইবা ৰাম-নামক সহায়৷৷ ১৩
হেন জানি হৰি নাম লৈয়ো সবৰ্বজনে৷
কলি-যুগে নাহি গতি কীৰ্ত্তনত বিনে৷৷
চাৰিও বেদৰ সাৰ নাম হেন জানি৷
লাজ এৰি বোলা সৱে ৰাম ৰাম বাণী৷৷ ১৪
৷৷ ভৃগু-পৰীক্ষা সমাপ্ত৷৷