|| পদ ||:
ভকতক নিন্দা কৰে অধম৷
জানিবা নামৰ দ্ৰোহী পৰম৷৷
যাত হন্তে ভৈল নামৰ খ্যাতি৷
তাৰ কি নিন্দা নামে সহে আতি৷৷৪৮৷৷
গুণনাম যত বিষ্ণু শিৱৰ৷
তাক ভিন্ন বুদ্ধি কৰে যি নৰ৷৷
নামৰ সিও মহা অপৰাধী৷
নৰকত পৰে দৈৱে নবাধি৷৷৪৯৷৷
যিটো পাপী কৰে নামক হেলা৷
বেদকো জানি নিন্দে যদি কোন বেলা৷৷
নামৰ ইয়ো দুয়ো অপৰাধ৷
ভুঞ্জিবে যাতনা নাহিকে বাধ৷৷৫০৷৷
হৰিৰ নামে কল্পে অৰ্থবাদ৷
নামৰ মহিমা কৰে উচ্ছাদ৷৷
সিজনো নামৰ দ্ৰোহী পৰম৷
নৰকে পচে নাহি তাৰ জন্ম৷৷৫১৷৷
নামত বলে কৰে পাপ বুদ্ধি৷
অষ্টাঙ্গযোগে তাৰ নাহি শুদ্ধি৷৷
নাম অপৰাধী সিয়ো অধম৷
ভুঞ্জিবে যাতনা অনেক জন্ম৷৷৫২৷৷
ধৰ্ম্ম হোম ব্ৰত তীৰ্থত স্নান৷
যতেক আছে মহাযজ্ঞ দান৷৷
আক একে কৰে নামক সৰি৷
কতনো যাতনা ভুঞ্জিবে মৰি৷৷৫৩৷৷
নামক কীৰ্ত্তন কৰন্তে আনে৷
আন মন কৰি নুশুনে কাণে৷৷
অধক যাই সিয়ো হোৱে কলা৷
বাইবেক কাণত তপত শলা৷৷৫৪৷৷
নাহিকে শ্ৰদ্ধা নপাতয় কাণ৷
তাক যিটো দেয় নামক দান৷৷
নামৰ দ্ৰোহী নাহি তাত পৰে৷
ভুঞ্জাইবে যাতনা যম কিঙ্কৰে৷৷৫৫৷৷
শুনিয়া নামৰ মহিমা নীতি৷
তথাপি নামত নকৰে প্ৰীতি৷৷
নামৰ দ্ৰোহী সিও অহঙ্কাৰী৷
ভুঞ্জিবেক কাকে জিহ্বা উভাড়ি৷৷৫৬৷৷
এহি দশ অপৰাধ নামৰ৷
আমাত কৃপায়ে কহিলা হৰ৷৷
পূৰ্ব্বত সমস্ত মুনিৰ আগে৷
তোমাত এৱে কৈলো অনুৰাগে৷৷৫৭৷৷
নামৰ দ্ৰোহ নেৰে যিটো জানি৷
পাপত পচে সিটো মন্দ প্ৰাণী৷৷
মাতৃক ক্রোধে তেজি যেন অন্ন৷
দুঃখ মাত্ৰ পাৱে বালকগণ৷৷৫৮৷৷
এৰিয়া অপৰাধ দেৱ ঋষি৷
নামত যতন কৰা হৰিষি৷৷
নামেসে কৰিবে পৰম সিদ্ধি৷
হৰিৰ নাম জগতৰে নিধি৷৷৫৯৷৷
পুছিলা নাৰদ ঋষি দুনাই৷
যাহাৰ বিজ্ঞান বৈৰাগ্য নাই৷৷
সদায়ে মজি আছে বিষয়তে৷
এড়াইবে নামৰ দ্ৰোহ কিমতে৷৷৬০৷৷
সনত কুমাৰে দিলে উত্তৰ৷
নামৰ দ্ৰোহী যিটো পাপী নৰ৷৷
সততে ফুৰে হৰি নাম গাই৷
তেৱেসে নামৰ দ্ৰোহ এড়াই৷৷৬১৷৷
স্বৰূপ শুনা ঋষি উদাসীন৷
যিজন নাম অপৰাধহীন৷৷
হৰিৰ তেৱে একে নামে তৰে৷
শুনে বা বোলে বা মনত স্মৰে৷৷৬২৷৷
কহিলা ৰহস্য মোত শঙ্কৰে৷
আক যিটো নৰে কীৰ্ত্তন কৰে৷৷
মুকুতি পাৱে এৰাই অপৰাধ৷
কহিলো নাৰদ নাহিকে বাধ৷৷৬৩৷৷
পৰম বান্ধৱ হৰিৰ নাম৷
যিজনে আক লৱে অবিশ্ৰাম৷৷
তাৰ সাত কাৰ্য্য সাধিবে দেখা৷
প্ৰতি প্ৰতি লোৱা সাতৰো লেখা৷৷৬৪৷৷
প্ৰথমে দহিবে পাতকচয়৷
কৰিবে মহাপুণ্য অভ্যুদয়৷৷
কৰাইবে বিষয়ত বিৰকতি৷
কৃষ্ণত বাঢ়িবে প্ৰেম ভকতি৷৷৬৫৷৷
উপজাইবে আতি বৈষ্ণৱী জ্ঞান৷
মায়াক কৰিবে দহি নিৰ্য্যাণ৷৷
চৈতন্য মূৰ্ত্তি পূৰ্ণানন্দ হৰি৷
থৈবন্ত তেন্তেয়েৰে একে কৰি৷৷৬৬৷৷
তেৱেসে নাম হৈব উপশান্ত৷
কহিলো পৰম তত্ত্ব একান্ত৷৷
নাম বিনে নাহি কলিত গতি৷
কলিৰ লোক হৈব পাপমতি৷৷৬৭৷৷
অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ৷
জানিবা কলিত নামেসে সাৰ৷৷
কলিত সদা নুসুমৰে হৰি৷
হেলাত মৰে আত্মঘাত কৰি৷৷৬৮৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
মনুষ্য জন্মক নপায় সেন্থৰে৷৷
আকো বৃথা কৰা কিনো অভাগী৷
মাণিক্যক বিকা কাঞ্চক লাগি৷৷৬৯৷৷
কেতিক্ষণে কিবা পৰে বিঘাত৷
তথাপি চেতনা নাহিকে গাত৷৷
আজি কালি কিবা মিলে মৰণ৷
হৰিৰ নামত লৈয়ো শৰণ৷৷৭০৷৷
নকৰিবা নিন্দা মোক মহন্তে৷
আসিল শাস্ত্ৰ বাৰাণসী হন্তে৷৷
তাহাকে চাই নিৱন্ধিলো পদ৷
হৰি হৰি বুলি তৰা আপদ৷৷৭১৷৷