|| পদ ||:
পদ্মপুৰাণৰ স্বৰ্গ খণ্ডত৷
নিৰূপি আছে কলি ধৰ্ম্ম যত৷৷
তাক শুনা আতি একান্ত চিত্তে৷৷
যাৰ ইছা আছে ভৱ তৰিতে৷৷৩৪৷৷
আছে চাৰিসিদ্ধ জ্ঞানী পৰম৷
ব্ৰহ্মাৰ চাৰিয়ো পুত্ৰ প্ৰথম৷৷
তাসম্বাক পায়া নাৰদ ঋষি৷
পুছিলা সংশয় কথা হৰিষি৷৷৩৫৷৷
ঈশ্বৰ ভগৱন্ত কৃপাময়৷
কহিছা যিটো মহাপাপচয়৷৷
কেন মতে হোৱে বিনাশ তাৰ৷
কলিত কোন পুণ্যে পাই পাৰ৷৷৩৬৷৷
কহিয়া ছেদিয়ো সংশয় যত৷
চাৰিও তোৰা মহাভাগৱত৷৷
শুনিয়া সনত কুমাৰ মুনি৷
দিলন্ত উত্তৰ মনত গুণি৷৷৩৭৷৷
গোৱিন্দৰ প্ৰিয় নাৰদ শুনা৷
ভাগৱত ধৰ্ম্ম আপুনি জানা৷৷
হৌক মোক্ষ বুলি সৱে লোকৰ৷
কৰিলা প্ৰশ্ন সংসাৰত সাৰ৷৷৩৮৷৷
যেন মতে পাৱে পাপৰ পাৰ ৷
শুনা সাৱধানে উত্তৰ তাৰ৷৷
সদায়ে এড়িল আচাৰ ধৰ্ম্ম৷
নভৈল যাৰ কিছু জাতকৰ্ম্ম৷৷৩৯৷৷
শঠবুদ্ধি যিটো জগত বঞ্চে ৷
দম্ভ অহঙ্কাৰ সদা নুগুচে৷৷
সুৰাপায়ী চাতুকাৰ চাণ্ডাল৷
নিষ্ঠুৰ বাক্য বােলে সৰ্ব্বকাল৷৷৪০৷৷
পুত্ৰ দাৰা ধন আতেসে ৰতি৷
সৱাতো অধম যি মন্দমতি ৷৷
সিসৱো পাপত হোৱৈ তৰণ৷
যদি হৰি পদে লৱৈ শৰণ৷৷৪১৷৷
দেৱতো উত্তম কৰুণাকৰ৷
মুকুতি পাৱৈ যাত চৰাচৰ৷৷
যিটো থাকে তান দ্ৰোহ আচৰি৷
ভজিলে তাকো নিস্তাৰন্ত হৰি৷৷৪২৷৷
যিটো মন্দমতি অধম নৰে৷
হৰিৰ মহা অপৰাধ কৰে৷৷
নামত শৰণ লৱে বাৰেক৷
নামে হৰে তাৰ সৱে পাতেক৷৷৪৩৷৷
সুহৃদ হৰি নাম সমস্তৰে৷
তাৰ অপৰাধ যি নৰে কৰে৷৷
তাহাৰ ৰক্ষাৰ নাহি উপায়৷
অৱশ্যে সিটো অধোগতি যায়৷৷৪৪৷৷
হৰিয়ো ৰাখিবে নৱাৰে তাক৷
শুনিয়া নাৰদে বুলিলা বাক৷৷
নামৰ কোন অপৰাধগণ৷
লোকৰ যিটো পুণ্য কৰে ছন্ন ৷৷৪৫৷৷
পাপক সাঞ্চি নেয় অধোগতি৷
কহিয়ো নামৰ দ্ৰোহ সম্প্ৰতি৷৷
শুনি মুনি বাক্য বুলিলা তথা৷
পুছিলা পৰম ৰহস্য কথা৷৷৪৬৷৷
পূৰ্ব্বত কহিলা মোত শঙ্কৰে৷
প্ৰকাশিবো আক তােমাৰ তৰে৷৷
শুনা যেন যেন দ্ৰোহ নামৰ৷
হৰি হৰি বোলা সমস্ত নৰ৷৷৪৭৷৷