|| পদ ||:
সেহি সময়ত যৱনৰ মহাৰাজা৷
লগে লৈয়া সাজি ম্লেচ্ছ তিনি কোটি প্ৰজা৷
নামে কালযৱন ৰণত অনিৰ্ব্বাৰ৷
নাৰদে পঠাইলা মাধৱক দিলে ধাৰ৷৷১৩৩৩৷৷
তিনিকোটি ম্লেচ্ছে বেঢ়িলেক মথুৰাক৷
দেখি সচকিত ভৈলা যত যদুজাক৷৷
দেখি বলো সমে আলোচন্ত দামোদৰ৷
মিলিল প্ৰমাদ দাদা যাদৱ বংশৰ৷৷১৩৩৪৷৷
বেঢ়িল আমাক দেখা যৱন দুৰ্ব্বাৰ৷
কিবা আজি কালি জৰাসন্ধে দেয় ধাৰ৷৷
যৱনক যুজন্তে মাগধ যেৱে আসে৷
নেয় চোসে বাসে যোনো বংশক বিনাশে৷৷১৩৩৫৷৷
হেন জানি সাজিবোহো দুৰ্গ দ্বাৰকাক৷
মনুষ্যে নপাৰে যেন তাক লঙ্ঘিবাক৷৷
এহি বুলি সাগৰ মধ্যত দামোদৰ৷
বাহ্ৰ প্ৰহৰৰ পথ নিৰ্ম্মিলা নগৰ৷৷১৩৩৬৷৷
বিশ্বকৰ্ম্মে শিল্প কৰ্ম্ম জানে যতমানে৷
দ্বাৰকাত সৱাকো দেখিয় বিদ্যমানে৷৷
বিবিধ উদ্যান কল্পতৰু উপবন৷
দিব্য সৰোবৰ দীঘি দেখি বিতোপন৷৷১৩৩৭৷৷
আকাশ লঙ্ঘিয়া আছে গড়ৰ দুৱাৰ৷
স্ফটিক কপাট তাৰ পাশত সোণাৰ৷৷
সুৱৰ্ণ ৰজত জ্বলে গৃহৰ আৰম্ভ৷
স্ফটিক আটাল মকৰত দিল স্তম্ভ৷৷১৩৩৮৷৷
সুৱৰ্ণৰ ঘটচয় উপৰে প্ৰকাশে৷
বিচিত্ৰ পতাকাচয় বতাসে উলাসে৷৷
সুধৰ্ম্মা সভাক পঠাই দিলা পুৰন্দৰ৷
যাত আৰোহিলে হোৱে অজৰ অমৰ৷৷১৩৩৯৷৷
বৰুণে পঠাইলা হয়চয় শুক্ল বৰ্ণ৷
মনোজয় বেগ সৱে শ্যাম এক কৰ্ণ৷৷
কুবেৰে পঠাইলা অষ্ট নিধিৰ ভণ্ডাৰ৷
কি কহিবো মহিমা কৃষ্ণৰ দ্বাৰকাৰ৷৷১৩৪০৷৷
দশদিগপালৰ বিভৱ আছে যত৷
সিবেলা সমস্তে আনি অৰ্পিলা কৃষ্ণত৷৷
সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে৷
মথুৰাৰ প্ৰজাক আনিলা যোগবলে৷৷১৩১৪৷৷
মথুৰাক আসি ৰামে সমে আলোচিলা৷
সুগন্ধ পুষ্পৰ মালা গলত পিন্ধিলা৷৷
শুদা হাতে নগৰ দ্বাৰৰ ভৈলা বাজ৷
যৱনক দেখাই চলি যান্ত যদুৰাজ৷৷১৩৪২৷৷
মাধৱৰ জন্মকৰ্ম্ম শুনা সৱ নৰে৷
কলিযুগে নাহি গতি কীৰ্ত্তনত পৰে৷৷
দুৰ্ল্লভ মনুষ্য জন্ম নকৰিয়ো বৃথা৷
কৰা হৰি কীৰ্ত্তন এৰিয়া গ্ৰাম্য কথা৷৷১২৪৩৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি৷
ইহ পৰলোকে হৰি চৰণেসে গতি৷৷
গৈলা প্ৰাণ প্ৰায় জানা যেন আছা মৰি৷
আন চিন্তা এৰি ডাকি বোলা হৰি হৰি৷৷১৩৪৪৷৷