|| পদ ||:
কাল যৱনৰ আগে লীলা কৰি
চলি যান্ত হৃষীকেশ৷
দেখিল যৱনে পাছে মাধৱৰ
পৰম সুন্দৰ বেশ৷৷
শৰত কালত ভৈলন্ত উদিত
যেন পূৰ্ণিমাৰ চান্দ৷
সুকুমাৰ শ্যাম তনু পীতবস্ত্ৰে
দেখিতে আতি সুচান্দ৷৷১৩৪৫৷৷
সদায়ে ঈষৎ হাসি নুগুচয়
প্ৰফুল্ল মুখকমলে৷
নৱ পদ্ম সম আয়ত অৰুণ
লোচন যুগল জ্বলে৷৷
শিৰত কিৰীটি প্ৰকাশে অমূল্য
ৰত্ন গণে আছে গঢ়ি৷
নাসা তিল ফুল অধৰ ৰাতুল
দান্ত-পান্তি কুন্দ কড়ি৷৷১৩৪৬৷৷
কৰ্ণত মকৰ কুণ্ডল দোলয়
কপালে অলকা পান্তি৷
কম্বুকণ্ঠ মাজে কৌস্তুভ শোভয়
নৱ আদিত্যৰ কান্তি৷৷
প্ৰলম্ব বৰ্ত্তুল স্থূল ভুজ চাৰি
কেয়ূৰ কঙ্কণে শোভে৷
গলে বনমালা আপাদলম্বিত
ভ্ৰম ৰে নছাড়ে লোভে৷৷১৩৪৭৷৷
সুন্দৰ হৃদয়ে প্ৰকাশে শ্ৰীবৎস
কঙ্কালে মেখলা জ্বলে৷
কৰিকৰ সম ঊৰু নিৰুপম
নূপুৰ পদকমলে৷৷
সংসাৰ মোহন হেন ৰূপ দেখি
বোলয় কালযৱন৷
এহিগোট কৃষ্ণ জানিলো নাৰদে
কহিল যেন লক্ষণ৷৷১৩৪৮৷৷
শুদা হাত ভৰি গতি চলি যায়
ময়ো যাওঁ অস্ত্ৰ এড়ি৷
এহি বুলি উঠি ধাইলেক যৱনে
ৰহ বুলি পাৰে গেড়ি৷৷
জ্ঞানীগণে যাক ধ্যানতো নেদেখে
খেদে হেন মাধৱক৷
হাতে পাৱে হেন দেখাই আপুনাক
নিলন্ত তাক দূৰক৷৷১৩৪৯৷৷
পাছত যৱনে আক্ষেপ কৰয়
যদুকুলে ভৈলি জাত৷
পলায়ন ধৰ্ম্ম নুহিকে উচিত
পালটি আমাক মাত৷৷
এতেক বোলন্তে গিৰি গহ্বৰত
পশিলন্ত নাৰায়ণ৷
পাছত যৱনে পশিয়া দেখয়
শুতি আছে একজন৷৷১৩৫০৷৷
আমাক দূৰক আনিয়া শয়ন
কৰিলি যেন সজ্জনে৷
কৃষ্ণ হেন মানি মাৰিলেক লাথি
দুৰ্জ্জন কালযৱনে৷৷
চিৰকাল শুতি আছে মুচুকুন্দ
উঠিয়া বসিল জাগি৷
কিছু কিছু কৰি চক্ষু মেলি চাইল
চাৰিয়ো দিশক লাগি৷৷১৩৫১৷৷
যৱনক পাছে আগত দেখিয়া
ক্রোধ দৃষ্টি কৰি চাইল৷
তেতিক্ষণে তাৰ শৰীৰত লাগি
অগনি কুণ্ড উধাইল৷৷
ক্ষণেকতে ভস্ম ভৈ গৈল যৱন
আপুন গাৱৰ জুই৷
পৰীক্ষিত ৰাজা শুকত সোধন্ত
আতি অদভূত হুই৷৷১৩৫২৷৷
সিটো কোনজন যৱনক যিটো
ভস্ম কৰিলেক তথা৷
কিহেতু শুতিয়া আছে কিবা নাম
কহিয়ো আমাত কথা৷৷
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
শুনা সৱে সভাসদে৷
আন চিন্তা এৰি ডাকি বোলা হৰি
বৈকুণ্ঠে যাইবাৰ পদে৷৷১৩৫৩৷৷