ধ্যান বৰ্ণন : ১ম কী : ত্ৰাহি গোপাল কৃপাল

|| ঘোষা ||: 

ত্ৰাহি গোপাল কৃপাল স্বামি৷

মজিলো ভৱ জলধিত আমি৷৷১১৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

এক মনে শুনা হৰিৰ ধ্যান৷

বৈকুণ্ঠ নামে আছে মহাথান৷৷

শাৰী শাৰী ৰঞ্জে বিমানচয়৷

বৈদূৰ্য্য হীৰা মৰকতময়৷৷১৪৬৷৷

চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি৷

নজানি যাত পশি দিন ৰাতি৷৷

চাৰু সৰোবৰ নিৰ্ম্মল জল৷

সুগন্ধি পদ্ম শোভে উতপল৷৷১৪৭৷৷

আছে ৰাজহংস সমূহে ৰঞ্জি৷

লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি৷৷

পাৰে পাৰিজাত মলয়া বাৱ৷

চটকে তেজে সুললিত ৰাৱ৷৷১৪৮৷৷

ভ্ৰমৰগণে গাৱে হৰি গীত৷

বৈষ্ণৱগণ শুনি আনন্দিত৷৷

হেন বৈকুণ্ঠৰ মাজত পাছে৷

উচ্ছ্ৰিত ৰত্ন মন্দিৰেক আছে৷৷১৪৯৷৷

বৈদূৰ্য্য স্তম্ভ স্ফটিকৰ বাৰ৷

মাণিক্য কপাট হীৰাৰ দ্বাৰ৷৷

কাটিলা জিঞ্জিৰি সুৱৰ্ণাৱলী৷

বিচিত্ৰ মণি মৰকত স্থলী৷৷১৫০৷৷

পদ্মৰাগ ৰত্নে লগাইলা চৌতি৷

কোটি সূৰ্য্য যেন গৃহৰ জৌতি৷৷

বিচিত্ৰ চন্দ্ৰাতপ আছে টানি৷

আৰিলা মুৰাৰি মুকুতা মণি৷৷১৫১৷৷

হেন মন্দিৰে ৰত্ন সিংহাসনে৷

আছন্ত বসি প্ৰভু নাৰায়ণে৷৷

চৌপাশে সেৱে পাৰিষদ যত৷

মৌক্তিক ছত্ৰ ধৰি উপৰত৷৷১৫২৷৷

ধৱল চামৰে দুপাশে বিঞ্চে৷৷

সঘনে সুৰভি কুসুম সিঞ্চে৷৷

চৰণে অনেক ভকতি ভাৱে৷

উপাসন্ত লক্ষ্মী জগত মাৱে৷৷১৫৩৷৷

চৈতন্যময় শুদ্ধ ৰূপ ধৰি৷

পৰম আনন্দে আছন্ত হৰি৷৷

আতি চমৎকাৰ ৰূপ বিপুল৷

কন্দৰ্প কোটি যাক নোহে তুল৷৷১৫৪৷৷

কোটি ইন্দু সম আছে প্ৰকাশি৷

স্মৰণে দহয় পাতক ৰাশি৷

ভকতৰ বন্ধু জগত বাপ৷

বোলা হৰি হৰি হৰোক পাপ৷৷১৫৫৷৷