ধ্যান বৰ্ণন : ২য় কী : কৰুণা সিন্ধু ভক

|| ঘোষা ||: 

কৰুণা সিন্ধু ভকত বন্ধু৷

                        ৰূপে তুল নোহে কোটি ইন্দু৷৷১২৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

স্থিৰ বুদ্ধি কৰি ভকতজনে৷

প্ৰত্যেক অঙ্গক চিন্তিব মনে৷৷

চৰণ পদ্ম দেখি সুখী হুই৷

অৰুণ আতি পদতল দুই৷৷১৫৬৷৷

অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ৷

দেখি চিহ্ন তাতে মিলে উৎসৱ৷৷

চৰণ পঙ্কজ আছে প্ৰকাশি৷

আঙ্গুলি পান্তি তাৰ ভৈল পাসি৷৷১৫৭৷৷

দেখিয় ৰত্নৰ পাকড়ি নয়৷

প্ৰকাশে তাতে নখচন্দ্ৰচয়৷৷

ৰতনে উজ্জল উঝণ্টি যত৷

নূপুৰ প্ৰকাশে পাদপৃষ্ঠত৷৷১৫৮৷৷

ৰত্নৰ হোড়ৰ জ্বলে জঙঘাত৷

ঊৰু কৰিকৰ সম সাক্ষাত৷৷

কটিত প্ৰকাশে বসন পীত৷

বান্ধিছা মেখলা ৰত্নে ৰঞ্জিত৷৷১৫৯৷৷

নাভি সৰোৰুহ ৰুচিৰ কান্তি৷

হৃদয়ে প্ৰকাশে শ্ৰীবৎস পান্তি৷৷

উৰঃস্থলে লক্ষ্মী দিলন্ত দেখা৷

কষটিত যেন সোণাৰ ৰেখা৷৷১৬০৷৷

পীত বস্ত্ৰে শোভে শ্যামল কায়৷

তড়িত-জড়িত জলদ প্ৰায়৷

বহল হৃদয়ে মুকুতা হাৰ৷

প্ৰকাশে জিলিমিলি পেচন্দাৰ৷৷১৬১৷৷

চিকিমিকি কৰে ৰত্ন উজ্জ্বলা৷

আপাদলম্বী গলে বনমালা৷৷

তাহাৰ মধুগন্ধে হুয়া ভোল৷

বেঢ়িয়া মধুকৰে কৰে ৰোল৷৷১৬২৷৷

চাৰু চতুৰ্ভুজ শোভে সুঠান৷

ললিত বলিত নীল মোলান৷৷

কেয়ূৰ কঙ্কণ বলয়া তাতে৷

প্ৰকাশে নৱ কিশলয় হাতে৷৷১৬৩৷৷

ৰত্নৰ শলাকা আঙ্গুলি পান্তি৷

আঙ্গুষ্ঠিচয় তাতে কৰে কান্তি৷৷

অৰুণ নখ চন্দ্ৰমাৰ শাৰী৷

শঙ্খ চক্র গদা পঙ্কজধাৰী৷৷১৬৪৷৷

গলত গলপতা সাতসৰী৷

উড়ে নৱগুণ পীত উত্তৰী৷৷

শ্যামল শৰীৰে শোভে অধিক৷

ময়ূৰ পুছ যেন চিকমিক৷৷১৬৫৷৷

কম্বুকণ্ঠে শোভে কৌস্তুভ মণি৷

প্ৰভাতে উদিত আদিত্য জিনি৷৷

পূৰ্ণচন্দ্ৰ ৰুচি মুখমণ্ডল৷

কৰ্ণত মকৰ দোলে কুণ্ডল৷৷১৬৬৷৷

তাৰ ৰশ্মি জ্বলে গণ্ড পাণ্ডুৰ৷

ৰুচিৰ চিবুক চাৰু অধৰ৷৷

প্ৰৱাল ৰত্নে যেন কৰে কান্তি৷

সুন্দৰ দন্ত মুকুতাৰ পান্তি৷৷১৬৭৷৷

সদায় নুগুচে ঈষৎ হাস৷

নাসা তিলফুল সম প্ৰকাশ৷৷

অৰুণ লোচন পঙ্কজ পাশি৷

ধনু সম আছে ভ্ৰূৱ প্ৰকাশি৷৷১৬৮৷৷

ৰত্নময় কৰে তিলকে কান্তি৷

কপালে লম্বিত অলকা পান্তি৷৷

ৰঞ্জে শিৰে ৰত্নময় মুকুট৷

চূড়ামণি ৰত্নে প্ৰকাশে জুট৷৷১৬৯৷৷

তাৰ মাজে ৰত্ন পঙ্গজ মালা৷

উজ্জল মুখ লাগি তাৰ জ্বালা৷৷

হেন মনোহৰ ৰুপ নিৰীক্ষি৷

থাকিব সমস্ত অঙ্গক দেখি৷৷১৭০৷৷

মস্তকৰ পৰা পাদ পৰ্য্যন্তে৷

নমাইব মনক দুনাই দেখন্তে৷৷

ধ্বজ বজ্ৰ পদ্ম অঙ্কুশ যৱে৷

প্ৰদক্ষিণে নমি পৰিব পাৱে৷৷১৭১৷৷

এতেকে হুইবেক পৰম সিদ্ধি৷

হৰিসে জানা জগতৰ নিধি৷৷

হেলায়ে সংসাৰ তৰিবা পুনু৷

নকৰা বিফল মনুষ্য তনু৷৷১৭২৷৷

দৃঢ় কৰি ধৰা হৰিৰ পাৱ৷

পাপ সাগৰত এহিসে নাৱ৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

হৰি হৰি বোলা সমস্ত জনে৷৷১৭৩৷৷