ভাগৱত-তাৎপৰ্য্য : ১ম কী : কৃষ্ণ সূৰ্য্য ভৈলন্ত...

|| ঘোষা ||: 

কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত৷

নাম ধৰ্ম্ম কৰিলা বিদিত৷৷১৬৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱ যত

হৰিনাম কৰিলা গুপুত৷

কিনো কৃপাময় হৰি নামক বেকত কৰি

কলি পাপ কৰিলা লুপুত৷৷

যিটো মহা ম্লেছজাতি সিয়ো শুদ্ধ হোৱে আতি

মুখে মাত্ৰ হৰিনাম লয়৷

কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া

ৰহিলা সমস্তে ধৰ্ম্মচয়৷৷২০১৯৷৷

ইটো কলিকাল ঘোৰ পাপৰ নাহিকে ওৰ

আত হিত চিন্তিলা প্ৰজাৰ৷

জগতৰে পাপ হৰে স্মৰণে নিস্তাৰ কৰে

হেন নাম কৰিলা প্ৰচাৰ৷৷

দোষৰ সাগৰ কলি আত হৰি-নাম লৈলি

ধৰ্ম্ম অৰ্থ পাৱে মোক্ষ কাম৷

সমস্তকে দায়াতৰে আৱে দেৱ দামোদৰে

বিদিত কৰিলা হৰিনাম৷৷২০২০৷৷

মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপ তীৰ্থ কোটি শত

হৰিনাম অধিক সৱাতে৷

কিনো ভাগ্য কিনো ভাগ্য হেন হৰিনাম লাগ

পাইলা লোক মুখত সাক্ষাতে৷৷

যিটো নাম নেৰে মুখে পাইলে মোক্ষ মহাসুখে

জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ৷

গুৰু ভৈলা জগতৰে কৰিলেক সিটো নৰে

কোটি কোটি পুৰুষ উদ্ধাৰ৷৷২০২১৷৷

পাতক শুখান বন হৰিনাম হুতাশন

ক্ষণেকতে দহি কৰে ছন্ন৷

হেন নাম প্ৰচাৰিলা পাতকীক নিস্তাৰিলা

পৰম কৃপালু নাৰায়ণ৷৷

দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি

লৱে এক শৰণ সাক্ষাত৷

যাৰ ইছা মোক্ষ পাইবে নলাগে দূৰক যাইবে

আছা হৰি সৱাৰো হিয়াত৷৷২০২২৷৷

কৃষ্ণৰ কিঙ্কৰে কহে হৰি নামে পাপ দহে

ৰামনাম সৱাতো অধিক৷

যিটো জনে নাম স্মৰে সকল পাতক হৰে

অনায়াসে পাৱে মুকুতিক৷৷

জগত নিস্তাৰ হেতু কৰিলা গৰুড়কেতু

ইবাৰ বিদিত হৰিনাম৷

আয়ু যায় আলেজালে কেতিক্ষণে ধৰে কালে

নিৰন্তৰে বোলা ৰাম ৰাম৷৷২০২৩৷৷