ভাগৱত-তাৎপৰ্য্য : ২য় কী : মাধৱ বান্ধৱ...

|| ঘোষা ||: 

মাধৱ বান্ধৱ উদ্ধাৰা বাপ৷

কতনো সহিবো সংসাৰ তাপ৷৷১৬৮৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

বোলন্ত শুকে শুনা নৃপবৰ্য্য৷

বাহ্ৰয় স্কন্ধৰ যি তাতপৰ্য্য৷৷

কৃষ্ণ বিনে নাই অপৰ দেৱ৷

জানিয়া কৃষ্ণক কৰিয়ো সেৱ৷৷২০২৪৷৷

যাহাৰ আছে পুণ্য অসংখ্যাত৷

সিসে পাতে কাণ কৃষ্ণ কথাত৷৷

সেহিসে কৃষ্ণক বোলে আপুন৷

শুনিয়ো কৃষ্ণ দেৱতাৰ গুণ৷৷২০২৫৷৷

ভকতে যত লৱে গুণ নাম৷

তাহাৰ মালা গান্থি অনুপাম৷৷

পিন্ধন্ত কণ্ঠত কৰি উৎসৱ৷

হেনসে ভকত বন্ধু মাধৱ৷৷২০২৬৷৷

যি জনে যায় হৰিনাম সেৱি৷

পাছত ফুৰে যত দেৱ দেৱী৷৷

যতেক তীৰ্থে তাক স্তুতি কৰে৷

তাৰ বায়ু পাপ সমস্ত হৰে৷৷২০২৭৷৷

যিটো জনে ফুৰে নাম উচ্চাৰি

তাৰ পাছে পাছে ভ্ৰমন্ত হৰি৷৷

বৎসক স্নেহে যেন ধেনু ধায়৷

ভজিয়ো জানি হেন হৰি পায়৷৷২০২৮৷৷

একজনে যদি নাম উচ্চৰে৷

শুনে মানে পাপ সৱাৰো হৰে৷৷

হেনসে আশ্চৰ্য্য দেৱতা হৰি৷

যাহাৰ নাম লৈলে মাত্ৰ তৰি৷৷২০২৯৷৷

অনিচ্ছাতো যিটো বিষ্ণুক কহে৷

তাহাৰো সমস্ত পাতক দহে৷৷

প্ৰেমে ভজে যিটো কৃষ্ণৰ পাৱ৷

কহিবো তাহাৰ কত প্ৰভাৱ৷৷২০৩০৷৷

সংসাৰ গৰ্ত্তে পৰি আছে লোক৷

মোহত অন্ধ নেৰায় দুঃখ শোক৷৷

কাল ভুজঙ্গে দংশি লৱে প্ৰাণ৷

কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ৷৷২০৩১৷৷

যতেক দেখা খোজ সমুদায়৷

হস্তীৰ খোজত সৱে লুকায়৷৷

এহিমতে যত বিশ্ব সমস্ত৷

কৃষ্ণতে জানা সৱে যায় অস্ত৷৷২০৩২৷৷

আতি পাতকীও কৰি হৰিষ৷

ধিয়াৱে কৃষ্ণক এক নিমেষ৷৷

ভৈল পুণ্যশালী সিয়ো বিচিত্ৰ৷

পৱিত্ৰকাৰীকো কৰে পৱিত্ৰ৷৷২০৩৩৷৷

সম্পদকো জানা নুহি সম্পদ৷

জানা আপদকো নুহি আপদ৷৷

পৰম সম্পদ হৰি ভকতি৷

আপদ জানা হৰি বিৰকতি৷৷২০৩৪৷৷

মহাপাপী আতি অধম জাতি৷

তাকো নামে কৰে পৱিত্ৰ আতি৷৷

হেনসে নাম ধৰ্ম্ম শিৰোমণি৷

পাপ অৰণ্যৰ যেন অগনি৷৷২০৩৫৷৷

কলিত পৰম উপায় নাম৷

একেদায়ে সিজে ত্ৰিতয় কাম৷৷

উপজে পুণ্য পাপ হোৱে দূৰ৷

মিলে মহামোক্ষ সুখ প্ৰচুৰ৷৷২০৩৬৷৷

কলিত লোকৰ মলিন মতি৷

নুপজয় আন পুণ্য সম্প্ৰতি৷৷

নামেসে পৰম ধৰ্ম্ম কলিত নামেসে মৰণ সম্বল কলিত৷

নামেসে মৰণ-সম্বল-বিত৷৷২০৩৭৷৷

হেন জানি তেজা বিষয়-ধান্ধা৷

হৰিৰ নামক গলত বান্ধা৷৷

কতপুণ্যে পাই মনুষ্য তনু৷

ইহাক বিফল নকৰা পুনু৷৷২০৩৮৷৷

মোহ নিদ্ৰা এৰি লোৱা চেতন৷

কৃষ্ণৰ সেৱাত কৰা যতন৷৷

সত্বৰে কৰা পৰলোক কাম৷

ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম৷৷২০৩৯৷৷