আত্ম-উপদেশ : হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয় (ছবি ছন্দ)

হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয়
জান তঞি ৰসৰ সাৰক |
আন তেজি নিৰন্তৰে কৰিয়োক মাত্ৰ পান
নাৰায়ণ-নাম-অমৃতক ||১০০
হে জিহ্বা তঞি সদা আমাত নিৰ্দ্দয় ভৈলি
কেনে নোবোলস ৰাম-বাণী |
সংসাৰ-সাগৰে ইটো হৰিসে সুদৃঢ় নাৱ
জানি হৰি বুলিয়ো কল্যাণী ||১০১
হে কৰ্ণ সদা তোৰ শৱদেসে মাত্ৰ প্ৰিয়
তঞি শব্দ মধুৰ জানস |
কোটি অমৃততোধিক পৰম মধুৰ শব্দ
শুনা সদা কৃষ্ণ-নাম-যশ ||১০২
হেন মন তোৰ কাম সংকল্প-বিকল্প-ধৰ্ম্ম
তেজি মিছা কামনাসকল |
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুহৃদ মন
কৃষ্ণ-নাম পৰম মঙ্গল ||১০৩
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোৰয় |
তাক তেজি কৃষ্ণ-নাম অক্ষয় অমৃত পিয়া
সন্তোষ লভিয়ো হৃদয়ত ||১০৪
শুনিয়োক বুদ্ধি তোৰ কেৱলে নিশ্চয়-ধৰ্ম্ম
তেজি সৱে বিনাশী বিষয় |
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাকে মাত্ৰ কৰিয়ো নিশ্চয় ||১০৫
শুন হেৰ অহঙ্কাৰ নিচিন্ত আপোন মাৰ
মিছা অহম্মমক তেজিয়ো |
পৰম ঈশ্বৰ কৃষ্ণ হুয়োক তাহান দাস
সাধু-সঙ্গে কৃষ্ণক ভজিয়ো ||১০৬
শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয় |
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
নছাড়িবা তাহান আশ্ৰয় ||১০৭
কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু
সুহৃদ সোদৰ বন্ধুজন |
কৃষ্ণে মোৰ মতি গতি কৃষ্ণত ভকতি-ৰতি
কৃষ্ণ পাৱে নিমজোক মন ||১০৮


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত