আত্ম-উপদেশ : বিচাৰি দেখিয়ো পামৰু মনাই এ (ঘোষা ছন্দ)

বিচাৰি দেখিয়ো পামৰু মনাই এ
ইহ পৰলোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম |
মজিয়া ৰহস সুহৃদ মনাই এ
হৰি-গুণ-নাম অপাৰ আনন্দ-সিন্ধু ৰাম ৰাম ||৭১৭
নিচিন্তি আছস কেমনে মনাই এ
সুখেৰ সাগৰ হৰিত নকৰি ৰতি ৰাম ৰাম |
আলাস তেজিয়া ভজিয়ো মনাই এ
ভৃত্য-ভয়-হাৰী হৰিসে পৰম গতি ৰাম ৰাম ||৭১৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলৰে পামৰু মন
ভুলিয়া কমনে পাপী মৰ |
যাৰ মায়া-পাশে বন্দী হুয়াছ পামৰু মন
তান দুই চৰণত ধৰ ৰে পামৰু মন
ভুলিয়া কমনে পাপী মৰ |
গোৱিন্দ বোল মনাই মুকুন্দ বোল মনাই ||৭১৯
ব্ৰহ্মা হৰে যাত শৰণে পশয়
আনৰ কোন বড়াই ||৭২০
বিষয়-বিকলে নমৰ মন |
সদায় চিন্তিয়ো হৰি-চৰণ ||৭২১
নিগম-নিগূঢ় হৰিৰ নাম |
নলৈয়া মন কৰ কোন কাম ||৭২২
ভৱ-সিন্ধু-সেতু হৰি-চৰণ |
যম কাল মায়া দুঃখ তাৰণ ||৭২৩
কপট আচাৰ তেজিয়া মন |
কেৱলে ভজিয়ো হৰি-চৰণ ||৭২৪
কৈতৱ তেজিয়ো ভজিয়ো হৰি |
তেৱেসে হৰি লৈবে দাস কৰি ||৭২৫
হৰিৰ আশ্ৰয় নেড়িবা ভাই |
ঐকান্তিক সুখ তেৱেসে পাই ||৭২৬
একান্তে হৰিত কৰিয়ো ৰতি |
হৰিসে নিজ ভকতৰ গতি ||৭২৭
সৰ্ব্ব পুৰুষাৰ্থ কৈতৱ জান |
হৰি মাত্ৰ সত্য বেদ প্ৰমাণ ||৭২৮
পৰম শ্ৰেয়স হৰি-ভকতি |
জানি হৰি পাৱে কৰিয়ো ৰতি ||৭২৯
হৰিগুণ-নাম কৰিয়ো সাৰ |
নিজ যশ প্ৰিয় জগ-আধাৰ ||৭৩০
বিধিৰ ঈশ্বৰ হৰি ভকতি |
গায়ো হৰি-যশ নিৰ্ম্মল-মতি ||৭৩১
লৈয়ো একে মাত্ৰ সাধু-সঙ্গতি |
তেৱেসে নিৰ্ম্মল হৈব ভকতি ||৭৩২
যাৱত কৈতৱ নেৰস মন |
তাৱত নপাইবি হৰি চৰণ ||৭৩৩
কৈতৱ সত্য জান ভাল কৰি |
ভজিয়ো হৰিক কৈতৱ এৰি ||৭৩৪
হৰিত বিনাই সৱে কৈতৱ |
ভজ হৰি-পাৱে কৰি উত্স|ৱ ||৭৩৫
ক্ষণিক জীৱন জানি মনাই |
তৰিয়ো সুখে হৰি-গুণ গাই ||৭৩৬
দুৰ্ঘোৰ সংসাৰ-নিকাৰ জানি |
নেড়িবা সদা মুখে ৰাম-বাণী ||৭৩৭
তেৱেসে হৰিৰ পাইবা আশ্ৰয় |
ভজিয়ো হৰি তেজি লাজ ভয় ||৭৩৮
নিৰ্গুণ হৰিৰ গুণক গায়া |
পৰমানন্দ তেজি পাইবা মায়া ||৭৩৯
হৰি-গুণ-নাম নিগম-তত্ত্ব |
মুকুতসৱৰো মুখ্য-সন্মত ||৭৪০
জানি হাৰ-পাৱে নেড়িয়ো আশ |
কহে মূঢ়মতি মাধৱ দাস ||৭৪১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল মন ভাই |
হৰিয়ো সন্তোষ হয় গুচয় সংসাৰ-ভয় |
হৰি পদসেৱা সুখ পাই হৰি ৰাম ||৭৪২


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত