আত্ম-উপদেশ : হৰি-নাম এৰি মন কি কাম কৰস (পদ ছন্দ)

হৰি-নাম এৰি মন কি কাম কৰস |
মায়া-মোহ-জালে পৰি মিছাতে মৰস ||৪৬৯
হৰি-নাম ধৰ মন হৰি-নাম ধৰ |
আশা নামে নদী মাজে মিছাত নমৰ ||৪৭০
ৰাম-নাম লৈয়ো মন ৰাম-নাম লৈয়ো |
মিছা আশা লাজ-কাজ পাশ কৰি থৈয়ো ||৪৭১
ৰাম কৃষ্ণ বোল মন ৰাম কৃষ্ণ বোল |
অসাৰ সংসাৰ-সুখে তাৰ আশা ভোল ||৪৭২
হৰি-পদে ভজ মন হৰি-পদে ভজ |
ঘোৰ আশা-নদী মাজে মিছাতে নমজ ||৪৭৩
ৰাম-নাম লৈয়ো মন তেজা আশা আন |
ভকতৰ সঙ্গে পাতা নামৰ দেৱান ||৪৭৪
ভজ মন কপট তেজিয়া হৰি-পাৱে |
সৰ্ব্বসাক্ষী হৰিত কপট নুযুৱাৱে ||৪৭৫
গোপাল গোৱিন্দ ৰাম বোল পাপী মন |
অন্যায় নকৰ লাগে সাক্ষী চৈধ্য জন ||৪৭৬
ৰাম কৃষ্ণ হৰি ৰাম বুলিয়ো যতনে |
ব্ৰহ্মাৰো দুৰ্ল্লভ নাম তাৰে হেলা কেনে ||৪৭৭
বোল ৰাম কৃষ্ণ হৰি পৰম আনন্দে |
মুকুতি তেজিয়া জপে সনক সনন্দে ||৪৭৮


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত