বস্তু-প্ৰকাশ : পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা (ছবি ছন্দ)

পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা

আতি গুপ্ত-স্বৰূপে আছিল |
লোকক কৃপায়ে হৰি শঙ্কৰ-স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিল ||১১১
হৰি-নাম প্ৰেম ৰস অমৃত-নিধিক বান্ধি
গুপ্ত কৰি থৈলা দেৱগণে |
দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা
সুখে পান কৰা সৰ্ব্বজনে ||১১২
হৰি-নাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল
বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব |
হেন হৰি-নাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰি
চূৰ কৈলা দেৱতাৰ গৰ্ব্ব ||১১৩


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত