বস্তু-প্ৰকাশ : বৈকুণ্ঠ প্ৰকাশে হৰি-নাম-ৰসে (দুলড়ি ছন্দ)

বৈকুণ্ঠ প্ৰকাশে হৰি-নাম-ৰসে
প্ৰেম-অমৃতৰ নদী |
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি ||৩৭১
গোৱিন্দৰ প্ৰেম অমৃতৰ নদী
বহে বৈকুণ্ঠৰপৰা |
চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা
হৰি নামে মূল ধাৰা ||৩৭২
হৰি-ভক্তি দান দিয়া জগতকে
তাৰিলা সংসাৰ-সিন্ধু |
হেনয় কৃপালু শঙ্কৰ বিনাই
নাহি নাহি আন বন্ধু ||৩৭৩
হৰি-ভকতিৰ পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি |
ৰাম-নাম-ৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী ||৩৭৪
শ্ৰীমন্ত শঙ্কৰ হৰি-ভকতৰ
জানা যেন কল্পতৰু |
তাহান্ত বিনায় নাহি নাহি নাহি
আমাৰ পৰম গুৰু ||৩৭৫


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত