নামান্বয় :'কৃষ্' হেন শব্দ ইটো পৃথিৱীৱাচক ভৈল (ছবি ছন্দ)

'কৃষ্' হেন শব্দ ইটো পৃথিৱীৱাচক ভৈল
'ণ' আনন্দত প্ৰবৰ্ত্তয় |
দুইৰো এক পদ ভৈল পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম-আনন্দক মাত্ৰ কয় ||১৪০
ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ |
এহি হেতু্তেসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অন্বয় মনোহৰ ||১৪১
নিৰন্তৰে নিজানন্দ- সুখ-পৰিপূৰ্ণ-ৰূপ
অখণ্ড আনন্দ নুগুচয় |
এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো
ঈশ্বৰকে বুলিয় নিশ্চয় ||১৪২
ক-ঈ-শ পদে বিষ্ণু মহেশ্বৰ হৰি
প্ৰতি প্ৰতি তিনিৰো অন্বয় |
ৱ পদে নাৰায়ণে তিনিকো আছয় ছান্দি
এহি হেতু কেশৱ বোলয় ||১৪৩
ঈশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চ্যুতি
গুচয় সংসাৰ অদভুত |
এহি হেতুতেসে জানা যতেক মহন্তসৱে
ঈশ্বৰক বোলয় অচ্যুত ||১৪৪
ঈশ্বৰ কৃষ্ণৰ পদে ভজিয়া অধমসৱো
আতিশয় হোৱয় উত্তম |
এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
ঈশ্বৰৰ নাম নৰোত্তম ||১৪৫
ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰে
সিংহ যেন ভ্ৰমন্ত নিৰ্ভয় |
এতেকেসে ঈশ্বৰৰ নাম নৰসিংহ ভৈল
মহাজনসকলে কহয় ||১৪৬
ঈশ্বৰৰ পাদ-পদ্ম ভজি শুদ্ধ-চিত্ত হুয়া
অধমো তেজয় বামানয় |
এহি হেতুতেসে থাকি নিৰন্তৰে মহাজনে
ঈশ্বৰক বামন বোলয় ||১৪৭
মোক্ষ আদি কৰি যত সুখ ঈশ্বৰ-সেৱাৰ জানা
অণু একো নুহি সমসৰ |
এহি হেতু মহাজনে জানিবা পৰমানন্দ
নাম ধৰি আছন্ত ঈশ্বৰ ||১৪৮
যিহেতু কৃষ্ণ সে আত্মা এতেকেসে জীৱ-ৰাশি
নিৰন্তৰে আনন্দ লভয় |
এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
মহাজনে জানিবা নিশ্চয় ||১৪৯
যিকাৰণে নাৰায়ণে পঞ্চভূতে পঞ্চ-বৰ্ণ
মালা পিন্ধি প্ৰকাশ কৰন্ত |
এহি হেতু নিৰন্তৰে জানিবাহা বনমালী
নাম ধৰি আছা ভগৱন্ত ||১৫০
ঈশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয়-জন্য
সুখ জীৱে অধস্কৃত কৰে |
এহি কাৰণত সৱে জানিবাহা অধোক্ষজ
নাম ধৰি আছা দামোদৰে ||১৫১
চৈতন্যত কৰি পৰ মায়াত উপজি যত
আছে তাক ৰমাৱন্ত হৰি |
এহি সে কাৰণে জানা পৰম ঈশ্বৰ প্ৰভু
পৰ্শুৰাম নাম আছা ধৰি ||১৫২
চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম-অনুৰূপে |
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে ||১৫৩
অনন্ত-চৈতন্য আত্মা সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময় |
এহি হেতু ৰাম পদে পৰমব্ৰহ্ম-স্বৰূপক
কহে ৰাম-নামৰ অন্বয় ||১৫৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত