শৰণ : হৰি-পদ-সেৱা নকৰে নিমিত্তে (দুলড়ি ছন্দ)

হৰি-পদ-সেৱা নকৰে নিমিত্তে
মায়ায়ে বান্ধি ফুৰাৱে |
তাৱত মায়াক নতৰে হৰিত
শৰণ নলৱে যাৱে ||১৮২
মঞি দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ |
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ ||১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱলে শৰণ চাঞো |
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাঞো ||১৮৪
হে যদুপতি মঞি মূঢ়-মতি
নজানো সেৱা তোমাৰ |
কেৱল তোমাৰ চৰণ-পঙ্কজে
শৰণ কৰিলো সাৰ ||১৮৫
পুৰুষ-উত্তম পৰম-পুৰুষ
পৰম-আনন্দ স্বামী |
তযু পাদ-পদ্ম- মকৰন্দ আশে
শৰণ পশিলো আমি ||১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন-জন তাৰণ |
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ ||১৮৭


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত