শৰণ : যাদৱ যদুনন্দন মাধৱ মধুসূদন (ঘোষা ছন্দ)

যাদৱ যদুনন্দন মাধৱ মধুসূদন |
তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ ||
ইবাৰ কৰুণাময় হৰি কমলাপতি
মোকে নছাড়িবা নাৰায়ণ |
অৰুণ চৰণ-তলে হৰি কমলাপতি
সত্যে সত্যে পশিলোঁ শৰণ ||৬৮৪

হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ |
মানৱী জনম সম্ফল কৈলো এ হৰি নাৰায়ণ ||৬৮৫
গোপাল গোৱিন্দ যদু-নন্দন |
কৃষ্ণৰ চৰণে লৈলো শৰণ ||৬৮৬
ৰাঘৱৰ অভয় চৰণে |
সত্যে সত্যে পশিলো শৰণে ||৬৮৭
ৰামৰ চৰণে শৰণ লৈলো |
মানৱী জনম সম্ফল কৈলো ||৬৮৮
হৰি ও হৰি চৰণে লাগো |
অভয় চৰণে শৰণ মাগো ||৬৮৯
ৰাম ৰঘুপতি ৰঘু-নন্দন |
তোমাৰ চৰণে লৈলো শৰণ ||৬৯০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত