প্ৰশংসা : তাৰাসৱে পূজ্য তাৰাসৱে ধন্য (দুলড়ি ছন্দ)

তাৰাসৱে পূজ্য তাৰাসৱে ধন্য
তাৰাসে সুহৃদ জন |
কলি-যুগে হৰি আনকো বোলাৱে
আপুনো কৰে কীৰ্ত্তন ||৩৬৫
হৰিক বান্ধৱ বুলিয়া যিজনে
কৰয় হৰি-কীৰ্ত্তন |
সমস্তে শাস্ত্ৰৰ তত্ত্বক জানিলে
জানা সিসি মহাজনে ||৩৬৬
যেৱে হৰি-পদে শৰণ পশিয়া
হৰি-নাম লৱে মুখে |
হৰিৰ প্ৰসাদ পাৱয় সিজনে
মায়াকো তৰয় সুখে ||৩৬৭
ধন্য কলি-যুগ ধন্য ৰাম-নাম
ধন্য ধন্য নৰ-কায়া |
ভাগ্যহীন জনো জপি ৰাম-নাম
তৰয় দুস্তৰ মায়া ||৩৬৮
কলিৰ লোকৰ ভাগ্যৰ মহিমা
কোনে কহি পাৱে পাৰ |
হৰি-গুণ-নাম কলিৰ স্বধৰ্ম্ম
সমস্তে শাস্ত্ৰৰে সাৰ ||৩৬৯
হৰি-কথা-ৰস নিৰ্ম্মল অমৃত
যিটোজনে পান কৰে |
সংসাৰ-মধ্যত সিসিজনে মাত্ৰ
সাফল জীৱন ধৰে ||৩৭০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত