প্ৰশংসা : শ্ৰীৰাম-নামত ৰতি মিলিল যাহাৰ (পদ ছন্দ)

শ্ৰীৰাম-নামত ৰতি মিলিল যাহাৰ |
সিসি ভাগ্যৱন্তে পাৱে সংসাৰৰ পাৰ ||৫৪৯
হৰি-গুণ ভকতৰ কৰ্ণৰ ভূষণ |
যিটো সদা বোলে ৰাম সিসি মহাজন ||৫৫০
নিত্যানন্দময় ৰাম ভকতৰ ধন |
হৰি বিনে আন ধন সৱে অকাৰণ ||৫৫১
সংসাৰত নাহি ধৰ্ম্ম হৰি-নাম-সম |
যিটো সদা বোলে ৰাম সিসি নৰোত্তম ||৫৫২
আন ধৰ্ম্ম নাহি হৰি-নামক উপাম |
হৰিৰ বল্লভ যিটো সদা বোলে ৰাম ||৫৫৩
ৰাম-কৃষ্ণ-নামক আনন্দে যিটো ধৰে |
বংশে সমে তৰয় হৰিকো বশ্য কৰে ||৫৫৪
হৰি-গুণ গাৱে যিটো কৰিয়া নিশ্চয় |
হৰিক সুহৃদ পাৱে মৃত্যু কোন হয় ||৫৫৫
যাৰা সৱে ৰাম-নাম গাৱয় হৰিষে |
তাপ দূৰ হোৱে মনে অমৃত বৰিষে ||৫৫৬
ৰাম-কৃষ্ণ-হৰি-নাম পৰম অমৃত |
যিটো মহাজনে লৱে হোৱে কৃতকৃত্য ||৫৫৭
হৰি-গুণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ |
সংসাৰত দুৰ্ল্লভ থাকিল কিবা তাৰ ||৫৫৮
কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ |
হৰি-গুণ কীৰ্ত্তনে স্বধৰ্ম্ম ভৈল যাৰ ||৫৫৯
হৰি-গুণ-নামক কীৰ্ত্তন য়িটো কৰে |
কলিৰ দোষক বঞ্চিলেক সিটো নৰে ||৫৬০
ৰাম-নাম লৈয়া পাপীজনো তৰে সুখে |
হেন ৰাম-নামৰ ভণ্ডাৰ ভৈলা মুখে ||৫৬১
যিসৱ চতুৰ নৰে বিষ্ণুক ভজয় |
পৰম কৃতাৰ্থ ভৈলা সিটো মহাশয় ||৫৬২


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত