|| পদ ||:
প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ।।
তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত।
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।।১।।
মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত।।
সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া।
নধৰিলা সমুদ্ৰে তােমাৰ মৎস্যকায়া।।২।।
কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে।
লক্ষ প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে।।
কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে।
ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠভাগে।।৩।।
দিব্য যজ্ঞবৰাহ স্বৰূপ ভৈলা তুমি।
লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি।।
তােমাক কৰিলা যুদ্ধ হিৰণ্যাক্ষ বীৰি।
অপ্ৰয়াসে দৈত্যক মাৰিলা দন্তে ছিৰি।।৪।।
আদি দৈত্য হিৰণ্যকশিপু বলীয়াৰ ।
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ।।
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস।
ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস।।৫।।
বামন স্বৰূপে অদিতিৰ বাক্য পালি।
ইন্দ্ৰক থাপিলা ছলে বলিক নিকালি।।
ত্ৰৈলোক্যক আক্রমিলা চৰণৰ গতি।
তযু পাদোদকে গঙ্গা ভৈলা উতপতি।।৬।।