ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি।
দেখিলাহা প্ৰজা ভৈল আতি অল্পমতি।।
কৰিলা অনেক শাখা চাৰিও বেদৰ।
পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ।।২৫।।
গজেন্দ্ৰক গিলে ঘোৰ গ্ৰাহে বলে ধৰি।
তােমাত শৰণ লৈলে আৰ্ত্তনাদ কৰি।।
শুণ্ডে মেহ্রাই পদ্মগোট উপৰক তুলি।
গজেন্দ্ৰে শৰণ লৈল ত্ৰাহি হৰি বুলি।।২৬।।
শুনি শীঘ্ৰে চড়ি তুমি গৰুড়ৰ স্কন্ধে।
ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে।।
গৰুড়ৰ নামি তুমি পৰম বিক্রমে।
শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে।।২৭।।
আথেবেথে চক্রে ছিঁড়িলাহা গ্ৰাহমুখ।
তোমাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুঃখ।।
হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈল ।
গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈল ।।২৮।।
তােমাক নমিলা গৈয়া দন্তৱতে পৰি।
পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি।।
তযু দৰশনে গ্ৰাহে শাপক নিস্তৰি।
বিমানে স্বৰ্গক গৈল দিব্য ৰূপ ধৰি।।২৯।।
হয়গ্ৰীৱ নামে আৰো ভৈলা অৱতাৰ।
তপ্ত সুৱৰ্ণৰ বৰ্ণ শৰীৰ তােমাৰ ।।
তােমাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে।
বাজ ভৈল চাৰিবেদ নিশ্বাস কাঢ়ন্তে।।৩০।।
সপত্নী মাতৃৰ বাক্যে বিদাৰিলা মন।
ধ্ৰুৱে আসি আৰাধিলা তােমাৰ চৰণ।।
ত্ৰৈলোক্যৰ উপৰে তাহাঙ্ক থৈলা থাপি।
গোধিকাৰ পুচ্ছ ভাগে দেখিয় অদ্যাপি।।৩১।।
দেৱে দৈত্যে আনিবাক নৱাৰে মন্দৰ।
অপ্ৰয়াসে আনি তুমি মথিলা সাগৰ।।
দানৱক যুজিলা দেৱৰ হুয়া ভিতি।
তােমাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তি।।৩২।।
কৃষ্ণৰ ৰহস্য কথা শুনা সৰ্ব্বজনে।
মোক্ষপদ সাধে যাৰ শ্ৰৱণ কীৰ্ত্তনে।।
কৃষ্ণৰ কিঙ্কৰে ভণে শঙ্কৰে সম্প্ৰতি।
বোলা হৰি হৰি পাপ যাউক অধোগতি।।৩৩।।